
শোণিতপুৰ, ১০ জানুৱাৰী (হি.স.)। শোণিতপুৰৰ ৰঙাপৰাত নিশা সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা । ৰঙাপৰাৰ ৰেলৱে নিউ কলনীৰ সমীপৰ প্ৰভাত দাস নামৰ লোকজনৰ আবাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড। বিধ্বংসী অগ্নিকাণ্ডটোৰ ফলত সম্পূৰ্ণ ভাৱে ভষ্মিভুত হয় আবাসগৃহটি।কথমপিহে প্ৰাণ ৰক্ষা লোকজনৰ ৷ ঘটনাস্থলীত পলমকৈ হলেও অগ্নি নিৰ্ব্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ অগ্নিনিৰ্বাপনৰ প্ৰচেষ্টা চলায় যদিও সক্ষম নহল।
আনহাতে অগ্নি নিৰ্ব্বাপক বাহিনীৰ উপস্থিতিৰ বাবেই দাউ দাউকৈ জ্বলি উঠা বিধংসী জুইৰ লেলিহান শিখা প্ৰতিবেশী লোক সকলৰ আৱাসগৃহ সমূহলৈকো সম্প্ৰসাৰিত হোৱাৰ পৰা নিশ্চিতভাবেই ৰক্ষা পৰিল ৷ ভংকৰ অগ্নিকাণ্ডটো কেনেকৈ সংঘটিত হ’ল বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও অকলশৰীয়া প্ৰভাত দাসে শীতৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈকে জুই ফুৱাই থকা অৱস্থাত হঠাৎ জুইৰ ফিৰিঙতিৰ পৰাই খাণ্ডৱ দাহৰ সৃষ্টি হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু