
যোৰহাট, ১০ জানুৱাৰী (হি.স.)। মহিলাসকল স্বাৱলম্বী হোৱা তথা মহিলাসকলৰ সুপ্ত প্ৰতিভা বিকাশৰ বাবে টীয়কৰ কেইবাগৰাকীও সামাজিকভাৱে আগবঢ়া মহিলাৰ প্ৰচেষ্টাত টীয়ক পৌৰসভাৰ অন্তৰ্গত কেওটা ৱাৰ্ডৰ উদ্যমী মহিলাসকল ঐক্যবদ্ধ হৈ গঠন হৈছে টীয়ক নগৰ মহিলা ঐক্য মঞ্চ। এই মঞ্চই আজি প্ৰথম কাৰ্যসূচী হিচাপে টীয়কৰ মিধাখাট তিনিআলিৰ সমীপত ভোগালী মেলা নামেৰে এক অস্থায়ী বিপনী মুকলি কৰিছে। মহিলাসকলে নিজ হাতে প্ৰস্তত কৰা পিঠা-পনা,জা জলপান,আচাৰ আদি উপলব্ধ এই বজাৰত ।
টীয়ক পৌৰসভাৰ পৌৰনেত্ৰী লাকী বৰবৰাই ফিটা কাটি শুভাৰম্ভ কৰা এই বিপনীৰ শুভাৰম্ভৰ প্ৰাকক্ষণত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা হয় । উল্লেখযোগ্য যে প্ৰায় শতাধিক মহিলাৰ উমৈহতীয়া এই মঞ্চৰ এই ভোগালী বজাৰে টীয়কৰ ৰাইজৰ ভোগালী বিহুত প্ৰয়োজনীয় নূন্যতম হ'লেও থলুৱা তথা হস্ত নিৰ্মিত খাদ্য-সামগ্ৰী যোগান ধৰি ৰাইজক উপকৃত কৰাৰ সমান্তৰালকৈ মহিলাসকলো স্বাৱলম্বী হ'ব বুলি আশাবাদী সকলো।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু