মঙলদৈৰ প্ৰান্তে প্ৰান্তে এতিয়া ভোগৰ উৎসৱ ভোগালীক আদৰাৰ প্ৰস্তুতি
দৰং, ১০ জানুৱাৰী (হি.স.)। পদুলি মুখত হেপাহৰ ভোগালী। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ভোগৰ উৎসৱ ভোগালীক আদৰাৰ প্ৰস্তুতি। ভোগালী বিহুৰ প্ৰাক মূহুৰ্তত মঙলদৈৰ মহিলা বজাৰত গ্ৰাহকে ভিৰ কৰা পৰিলক্ষিত হৈছে। মঙলদৈ মহিলা বজাৰত তিলৰ দাম প্ৰতি কেজি ২০০, টকা,
মঙলদৈৰ প্ৰান্তে প্ৰান্তে এতিয়া ভোগৰ উৎসৱ ভোগালীক আদৰাৰ প্ৰস্তুতি


দৰং, ১০ জানুৱাৰী (হি.স.)। পদুলি মুখত হেপাহৰ ভোগালী। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ভোগৰ উৎসৱ ভোগালীক আদৰাৰ প্ৰস্তুতি।

ভোগালী বিহুৰ প্ৰাক মূহুৰ্তত মঙলদৈৰ মহিলা বজাৰত গ্ৰাহকে ভিৰ কৰা পৰিলক্ষিত হৈছে।

মঙলদৈ মহিলা বজাৰত তিলৰ দাম প্ৰতি কেজি ২০০, টকা, নাৰিকলৰ যোৰা ২৫০, জহা চাউল ১২০,কোমল চাউল,২০০ , চুৰা ৮০ টকা, চিৰা ১৫০ টকা দামত বিক্ৰী হৈছে। বিগত বৰ্ষত কৈ এই বেলি দাম বৃদ্ধি পাইছে। এই বজাৰ খনত সকলো বিক্ৰেতা মহিলা। মহিলা সকলে তেওঁলোকৰ ঘৰৰ লগতে গাঁওত উৎপাদিত থলুৱা সামগ্ৰী সমূহ বজাৰলৈ লৈ আহে। ভোগালীৰ প্ৰাক ক্ষণত উভৈনদী হৈ পৰিছে বিভিন্ন প্ৰকাৰৰ লাৰু পিঠা, চুঙা পিঠা, চিৰা, ছুৰা, কাঠ আলু আদি।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande