
শিৱসাগৰ, ১০ জানুৱাৰী (হি.স.)। ডিমৌত ভাৰতীয় জনতা পাৰ্টীৰ শিৱসাগৰ জিলা সমিতিৰ এক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। ডিমৌৰ জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত অনুষ্ঠিত হই উক্ত সভা। পুৱা পতাকা উত্তোলন কৰে বিজেপি শিৱসাগৰ জিলা সমিতিৰ সভাপতি বিতোপন ৰাইডঙীয়াই। তেওঁ কয় যে ২০২৬ ৰ নিৰ্বাচনৰ ৰণনীতি তৈয়াৰ কৰিবলৈ আজিৰ সভা খন আয়োজন কৰা হৈছে।
ইতিমধ্যে ডিমৌত আমাৰ বিধায়ক আছেই শিৱসাগৰ আৰু নাজিৰা সমষ্টিটো আগন্তুক নিৰ্বাচনত প্ৰাৰ্থী জয়ী কৰি জিলা খনৰ তিনিওটা সমষ্টি দখলেই বিজেপিৰ লক্ষ্য বুলি জিলা সভাপতি গৰাকীয়ে প্ৰকাশ কৰে। সভাত ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাই, প্ৰাক্তন বিধায়ক কুশল দুৱৰীকে ধৰি জিলা খনৰ আটাইকেইজন বিষয়ববীয়া অংশগ্ৰহণ কৰিছে আৰু অসমৰ প্ৰভাৰী হৰিশ দ্বেবেদীও অংশগ্ৰহণ কৰিব।।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা