
কোকৰাঝাৰ, ১০ জানুৱাৰী (হি.স.): সাংকৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বিহু ঝুমুইৰ বিনন্দীয়াৰ পিছত এইবাৰ ১০ হাজাৰ শিল্পীয়ে একেলগে প্ৰদৰ্শন কৰিব বড়ো জনগোষ্ঠীৰ বাগুৰুম্বা নৃত্য। বড়ো জনগোষ্টীৰ বাগুৰুম্বা নৃত্য বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে অহা ১৭ জানুৱাৰী তাৰিখে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত প্ৰায় ১০ হাজাৰতকৈ অধিক শিল্পীয়ে বড়ো জনগোষ্ঠীৰ বাগুৰুম্বা নৃত্য প্ৰদৰ্শন কৰিব।
ইয়াৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নৃত্য শিল্পী সকলোক প্ৰশিক্ষণ দি থকা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু পৰ্বতঝোৰা মহকুমা প্ৰশাসনৰ সহযোগত টিপকাই উচ্চ মাধ্যমিক বিদ্যালয় খেল পথাৰত তিনিদিনীয়কৈ প্ৰায় ১৫০ গৰাকী বাগুৰুম্বা নৃত্য শিল্পীক প্ৰশিক্ষণপ্ৰাপ্ত প্ৰশিক্ষৰ সহায়ত প্ৰশিক্ষণ দি থকা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ