
গোলাঘাট, ১০ জানুৱাৰী (হি.স.)। গোলাঘাট জিলাৰ বাদুলিপাৰৰ ভোলাগুৰিত আজিৰে পৰা অনুষ্ঠিত হৈছে সদৌ অসম আহোম সভাৰ মধ্যকালীন অধিৱেশন । কেপ্তেইন জিন্টু গগৈ সমন্বয় ক্ষেত্ৰত মুখৰিত হৈছে আহোম জনগোষ্ঠীৰ নানা কৃষ্টি । অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে অধিৱেশনত । পতাকা উত্তোলন,মৈদাম তৰ্পনেৰে আৰম্ভ হৈছে অধিৱেশনৰ কাৰ্যসূচী ।
আহোম জনগোষ্ঠীৰ অন্যতম শক্তিশালী সংগঠনটোৰ মধ্যকালীন অধিৱেশনত লোৱা হ'ব বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। জনজাতিকৰণৰ বিষয়টোৰ ক্ষেত্ৰত অধিৱেশনৰ বাকৰিৰ পৰাই ৰজাঘৰলৈ সকিয়নি প্ৰদান আহোম সভাৰ । বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী,প্ৰতিযোগিতা আদি অনুষ্ঠিত হ'ব দিনে নিশাই । ৰাজ্যৰ বহু কেইগৰাকী নেতা-মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব অধিৱেশনৰ কাৰ্যসূচীত । দুয়োটা দিনৰ কাৰ্যসূচীত অসমবাসীৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তা সকলে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা