মৰিগাঁৱৰ গেৰুৱা-ভূৰাগাঁও পথৰ গেৰুৱাত পুৱাই ভয়ংকৰ পথ দূৰ্ঘটনা
মৰিগাঁও, ১০ জানুৱাৰী (হি.স.)। মৰিগাঁও জিলাৰ গেৰুৱা-ভূৰাগাঁও পথৰ গেৰুৱাত আজি পুৱাই এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয়। এই ঘটনাত বাইক সহ পথৰ পৰা চিটিকি পৰি নিহত হয় এজন লোক । নিহত যুৱক জন গেৰুৱাৰ ফুকন শালমৰাৰ অবিনাশ বড়ো ( ২৫) বুলি জানিব পৰা গৈছে। ইফা
মৰিগাঁৱৰ গেৰুৱা-ভূৰাগাঁও পথৰ গেৰুৱাত পুৱাই ভয়ংকৰ পথ দূৰ্ঘটনা


মৰিগাঁও, ১০ জানুৱাৰী (হি.স.)। মৰিগাঁও জিলাৰ গেৰুৱা-ভূৰাগাঁও পথৰ গেৰুৱাত আজি পুৱাই এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয়। এই ঘটনাত বাইক সহ পথৰ পৰা চিটিকি পৰি নিহত হয় এজন লোক । নিহত যুৱক জন গেৰুৱাৰ ফুকন শালমৰাৰ অবিনাশ বড়ো ( ২৫) বুলি জানিব পৰা গৈছে।

ইফালে দূৰ্ঘটনাগ্ৰস্ত বাইক খনৰ নম্বৰ এএছ ২১ কিউ ১৫৩৫ বুলি জানিব পৰা গৈছে। উল্লেখ্য় যে প্ৰাতঃ ভ্ৰমণলৈ অহা স্থানীয় লোকে যুৱক জনৰ মৃতদেহ প্ৰত্যক্ষ কৰে। ইয়াৰ পিছতে খবৰ দিয়ে আৰক্ষীক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে হাস্পতাললৈ প্ৰেৰণৰ ব্য়ৱস্থা কৰে।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande