মুম্বাইত মৃত্যু অভয়াপুৰীৰ মজাইমুখ গাঁৱৰ এজন যুৱকৰ
বহি:ৰাজ‍্যত মৃত্যু অভয়াপুৰীৰ মজাইমুখ গাঁৱৰ এজন যুৱকৰ ।
মুম্বাইত মৃত্যু অভয়াপুৰীৰ মজাইমুখ গাঁৱৰ এজন যুৱকৰ


বঙাইগাঁও, ১০ জানুৱাৰী (হি.স.): বহি:ৰাজ‍্য মহাৰাষ্ট্ৰত মৃত্যুমুখত পৰিছে অভয়াপুৰীৰ মজাইমুখ গাঁৱৰ এজন যুৱক । মুম্বাইৰ বৰিভালী ৰেলৱে পুলিচ চকীৰ অধীনৰ এক দুৰ্ঘটনাত মৃত্যু হয় ৰঞ্জন কলিতা (২৯) নামৰ যুৱকজনৰ ।

উল্লেখ্য় যে দীৰ্ঘদিন ধৰি কৰ্মসূত্ৰে যুৱকজন মুম্বাইত আছিল ‌। চলন্ত ট্ৰেইনৰ পৰা যুৱকজন পৰি মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে । ইফালে শুক্ৰবাৰে নিশা বঙাইগাঁও জিলাৰ প্ৰথমজন অসম চৰকাৰৰ 'শ্ৰদ্ধাঞ্জলি আঁচনি'ৰ জড়িয়তে দুখীয়া পৰিয়ালটোৱে মৃতদেহটো ঘৰলৈ আনিব সুবিধা পায় । শোকস্তব্ধ পৰিয়ালবৰ্গই শ্ৰদ্ধাঞ্জলি আঁচনিৰ বাবে বঙাইগাঁও জিলা প্ৰশাসন আৰু অসম চৰকাৰক ধন্যবাদ জনায় ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande