
বাক্সা, ১০ জানুৱাৰী (হি.স.): বাক্সা জিলাৰ বাগানপাৰাত যোৱা কালি শুকুৰবাৰে বিয়লি নিখিল বড়ো ছাত্ৰ সন্থাৰ মুকলি সভা অনুষ্ঠিত হয়। বাগানপাৰ আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত ৬ জনগোষ্ঠীক জনজাতি আৰু শিক্ষা পৰিৱেশ আদিৰ দিশত কেন্দ্ৰীয় মুকলি সভা অনুষ্ঠিত হয়।
নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপ সভাপতি উমেশ দৈমাৰীয়ে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত ৬ জনগোষ্ঠীক জনজাতি কৰিলে পূৰ্বৰে পৰা জনজাতিৰ মৰ্যাদা পাই অহা জনজাতি সকলৰ কি হ'ব সেই বিষয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। ইয়াৰ উপৰিও বিটিচিত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন চৰকাৰ হোৱাৰে পৰা বিটিচিত অবৈধ ভাৱে মদ জুৱা দিনক দিনক দিনে বৃদ্ধি হ'বলৈ ধৰা, বৰমা নাথাৰ পৰা নিছেই ওচৰত অবৈধ দেহ ব্যৱহাৰ দৰে নিকৃষ্ট ঘটনা সংঘটিত হ'বলৈ পালে তাৰ সঠিক তদন্ত কৰিবলৈ প্ৰশাসনক দাবী জনায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ