
শোণিতপুৰ, ১৩ ডিচেম্বৰ (হি.স.)। বিশ্ববিদ্যালয়ৰ আইনত শম্ভুনাথ সিঙৰ দৰে দুৰ্নীতিগ্ৰস্থক সুৰক্ষিত কৰাৰ বাবেহে আছে নেকি ব্যৱস্থা, শম্ভুনাথ সিঙৰ সৈতে উচ্চ মহলৰ যোগসূত্ৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালতকৈ অধিক নেকি–এইদৰে প্ৰশ্ন উত্থাএইদৰে প্ৰশ্ন উত্থাপন কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ আন্দোলনৰত ছাত্ৰ ছাত্ৰী সকলে।
তেজপুৰ বিশ্ববিদ্যালয়ৰ আন্দোলনৰত ছাত্ৰ–ছাত্ৰীৰ প্ৰশ্ন সংবাদমেলত৷ ৮৫দিন অতিক্ৰম কৰিলে তেজপুৰ বিশ্ববিদ্যালয়ত অব্যাহত আন্দোলনে৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ বিতৰ্কিত উপাচাৰ্য শম্ভুনাথ সিঙৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত নতুবা ব্যৱস্থা গ্ৰহণ আজিলৈকে সম্ভৱপৰ হৈ উঠা নাই৷ বিশ্ববিদ্যালয়ৰ পৰিস্থিতি সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীৰ৷
আনহাতে ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যক সম্পূৰ্ণ নীতিগত ভাৱে বিশ্ববিদ্যালয় আয়োগৰ নীতি অনুসৰি ছাত্ৰছাত্ৰী সমাজ, অধ্যাপক সমাজ আৰু কৰ্মচাৰী সমাজে দায়িত্ব অৰ্পন কৰাটো অপৰাধ হব নোৱাৰে৷ কিন্তু এই পৰ্যন্ত সকলো তথ্য শম্ভুনাথ সিঙৰ বিৰূদ্ধে দিয়াৰ পিছতো কিয় দুৰ্নীতিগ্ৰস্ত উপাচাৰ্য গৰাকীৰ বিৰূদ্ধে কেন্দ্ৰীয় শিক্ষা বিভাগে ব্যৱস্থা লব পৰা নাই তাক লৈ উদ্বেগ প্ৰকাশ ছাত্ৰ ছাত্ৰী সকলৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা