
চৰাইদেউ, ১৩ ডিচেম্বৰ (হি.স.)। চৰাইদেউ জিলাৰ সোণাৰিৰ কাকতিবাৰীত এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। মিঞাৰ অপকৰ্মৰ বলি হৈ মৃত সন্তান প্ৰসৱ কৰিলে কিশোৰীয়ে। ঘটনাত জড়িত থকাৰ অভিযোগত চাৰিটাকৈ মিঞাক কৰায়ত্ত কৰিলে ৰাইজে।
অভিযোগ মতে সোণাৰিৰ কাকতিবাৰীত মিঞাৰ অপকৰ্মৰ বলি হয় ১৩ বছৰীয়া কিশোৰী এগৰাকী। ৯ মাহ পূৰ্বে বিদ্যালয়লৈ যোৱাৰ পথত দুই অচিনাক্ত মিঞাই অপকৰ্ম কৰাৰ ফলত অন্তঃসত্বা হোৱা এগৰাকী কিশোৰীয়ে প্ৰসৱ কৰিলে মৃত সন্তান। কিশোৰীয়ে মৃত সন্তান প্ৰসৱৰ পাছতে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া। ইয়াৰ পৰিপ্ৰেক্ষিতত কাকতিবাৰী আৰক্ষী, আটছাৰ স্থানীয় বিষয়ববীয়া তথা স্থানীয় লোকে ঘটনাৰ অনুসন্ধান কৰাত পোহৰলৈ আহে বিস্ফোৰক তথ্য। ইয়াৰ পাছতে অপকৰ্মত জড়িত থকা দুই পাষণ্ড মিঞাসহ মুঠ চাৰিটাকৈ মিঞাক ৰাইজৰ সহযোগত কৰায়ত্ত কৰে আৰক্ষীয়ে। আনহাতে চৰাইদেউ জিলাত কোনো কামতেই মিঞাক সংস্থাপন নিদিবলৈ আহ্বান জনাইছে আটছা, আইছাকে ধৰি দল-সংগঠন সমূহে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা