
তামুলপুৰ, ১৩ ডিচেম্বৰ (হি.স.)।তামুলপুৰৰ ভাৰত-ভূটান সীমান্তত দৈনিক হস্তি মানুহৰ ভয়াৱহ সংঘাতক লৈ বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে গুৰুত্বপূৰ্ণ মন্তব্য আৰু ঘোষণা কৰে।
সেই মতে তামুলপুৰত নতুনকৈ নিয়োগ কৰা হ'ব ফৰেষ্টৰ অতিৰিক্ত বেটেলিয়ান। ৰাইজক বিতৰণ কৰা হ'ব পৰ্যাপ্ত পৰিমাণৰ টৰ্চ লাইট। বাক্সা বন বিভাগক প্ৰয়োজন অনুসৰি নিশা গাঁৱত আহিব পৰাকৈ চৰকাৰে তৎকালীন ভাৱে দিব বাহনৰ সুবিধা।
বিভিন্ন উচ্ছেদস্থলীত দায়িত্বত নিয়োজিত বেটেলিয়ান সকলক দুই এদিনৰ ভিতৰতে আনিব তামুলপুৰলৈ।
ইফালে ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাবেও কেতবোৰ ঘোষণা কৰে বিভাগীয় মন্ত্ৰী গৰাকীয়ে। বন্য হস্তীয়ে নষ্ট কৰা প্ৰতি বিঘা ধান খেতিৰ বাবে সাহায্য প্ৰদান কৰিব ৮ হাজাৰ থকাকৈ। বিগত দিনত বন্য হস্তীৰ আক্ৰমণত আহত হোৱা লোকলৈও আগবঢ়াব আৰ্থিক অনুদান। অতি শীঘ্ৰেই আহত সকলক এই ধন আদায় দিয়াৰ বাবে ইতিমধ্যে বিভাগীয় লোকক নিৰ্দেশ প্ৰদান কৰা হৈছে বুলি মন্তব্য কৰে মন্ত্ৰী জনে।
তেওঁ কয় যে নদীৰে হাতী অহাযোৱা কৰা পথত ক্ৰেছাৰ মেচিন স্থাপন কৰাত হাতীৰ কৰিডৰত সৃষ্টি হোৱা বাধা সন্দৰ্ভত পূৰ্বেও বিটিচিৰ বন বিভাগৰ কাৰ্যবাহীক অৱগত কৰা হৈছিল। এইবাৰ নতুন কাৰ্যবাহীক জনাব বুলি উল্লেখ কৰে।
উল্লেখ যে, বিগত মাহত অঞ্চলটোত হাতীৰ আক্ৰমণত প্ৰায় ৪ জন লোকৰ মৃত্যু হৈছে । আহত হৈছে ৩০ জনৰো অধিক লোক।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা