দৰঙৰ ধূলাত বুজন পৰিমাণৰ ভাং সহ গ্ৰেপ্তাৰ দুজন যুৱক
দৰঙৰ ধূলাত বুজন পৰিমাণৰ ভাং সহ গ্ৰেপ্তাৰ দুজন যুৱক।
দৰঙৰ ধূলাত বুজন পৰিমাণৰ ভাং সহ গ্ৰেপ্তাৰ দুজন যুৱক


দৰং, ১৩ ডিচেম্বৰ (হি.স.): দৰং জিলাৰ ধূলাত বুজন পৰিমাণৰ ভাং সহ গ্ৰেপ্তাৰ হৈছে দুজন যুৱক। ৰৌতাৰ পৰা গুৱাহাটীলৈ ভাং খিনি লৈ গৈ থকা অৱস্থাত ধূলা আৰক্ষীৰ থানাৰ সন্মূখত আটক কৰে ৰ্শমা বড়ো আৰু নউজৰ বড়ো নামৰ যুৱক দুজনক ।

জানিব পৰা মতে এএছ ০১ ইএল ০৭৫০ নম্বৰৰ হুণ্ডাই ভেনুই (hundai venue) বাহনেৰে লৈ আহিছিল ৫৪ কেজি ভাং। ধূলা আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত নাকা লগাই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথতে জব্দ কৰে সন্দেহজনক বাহন খন। ধূলা আৰক্ষীয়ে ভাং খিনি জব্দ কৰি যুৱক দুজনক গ্ৰেপ্তাৰ কৰে। ভাং খিনি কাৰ পৰা বা কাক দিবলৈ আনিছিল সেইয়া এতিয়াও পোহৰলৈ অহা নাই।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande