
দৰং, ১৩ ডিচেম্বৰ (হি.স.): দৰং জিলাৰ দলগাঁৱৰ কৌপাটী চাহ বাগিচাত যোৱা কালি শুকুৰবাৰে সন্ধিয়া বাঘৰ আতংক বিৰাজ কৰে। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা প্ৰকাণ্ড ঢেকীয়াপতিয়া বাঘে মুক্ত বিচৰণ কৰিছে কৌপাটী চাহ বাগিচাত ।
বনৰজাৰ উপস্থিতিৰ উমান পাই সম্প্ৰতি এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে বাগিচা খনত। ইতিমধ্যে বাগিচাত উপস্থিত হৈছে দলগাঁও ৰাজহ চক্ৰ বিষয়া, দলগাঁও আৰক্ষীৰ লগতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মী। বাঘটোক খেদি পঠিয়াবলৈ চেষ্টা চলাই আছে বনকৰ্মীসকলেয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ