অৰুণাচল প্ৰদেশত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাৰ এক মাত্ৰ জীৱিত শ্ৰমিকক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
ডিব্ৰুগড়, ১৩ ডিচেম্বৰ (হি.স.)। অৰুণাচল প্ৰদেশত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাৰ এক মাত্ৰ জীৱিত শ্ৰমিক তথা বৰ্তমান অসম চিকিৎসা মহবিদ্যালয়ত চিকিৎসাধীন হৈ থকা বুদ্ধেশ্বৰ দ্বীপক সাক্ষাৎ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অৰুণাচল প্ৰদেশত সংঘটিত ভয়ংকৰ
অৰুণাচল প্ৰদেশত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাৰ এক মাত্ৰ জীৱিত শ্ৰমিকক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ


ডিব্ৰুগড়, ১৩ ডিচেম্বৰ (হি.স.)। অৰুণাচল প্ৰদেশত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাৰ এক মাত্ৰ জীৱিত শ্ৰমিক তথা বৰ্তমান অসম চিকিৎসা মহবিদ্যালয়ত চিকিৎসাধীন হৈ থকা বুদ্ধেশ্বৰ দ্বীপক সাক্ষাৎ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অৰুণাচল প্ৰদেশত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাৰ এক মাত্ৰ জীৱিত সাক্ষী অসম চিকিৎসা মহবিদ্যালয়ত চিকিৎসাধীন বুদ্ধেশ্বৰ দ্বীপক সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

উল্লেখ্য যে ২২ বছৰীয়া শ্ৰমিক বুদ্ধেশ্বৰ দ্বীপক যোৱা কালি নিশা ৯.৩০ মান বজাত উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি কৰোৱা হয় । কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সন্মুখত দুৰ্ঘটনাৰ বিষয়ে বৰ্ণনা কৰে আই.চি.ইউ.ত চিকিৎসাধীন হৈ থকা বুদ্ধেশ্বৰ দ্বীপে । গোটেই ঘটনাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও খবৰ লৈ দুখ প্ৰকাশ কৰে বুলি মন্তব্য কৰে । এই দুৰ্ঘটনাত পতিত হোৱা প্ৰতিগৰাকী পৰিয়াললৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যৌথ ভাৱে ৭ লাখ কৈ টকা সাহাৰ্য্য প্ৰদান কৰিব বুলি সদৰি কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

এই সময়ছোৱাত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক অসম চৰকাৰ পৰ্য্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, পুলক গোহাঁইয়ে সংগ প্ৰদান কৰে ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande