
শিৱসাগৰ, ১৩ ডিচেম্বৰ (হি.স.): সংশোধিত নাগৰিকত্ব আইন চমুকৈ কা আন্দোলনৰ শ্বহীদক শিৱসাগৰত যোৱা কালি শুকুৰবাৰে সন্ধিয়া শ্ৰদ্ধাঞ্জলি জনোৱা হয় । শিৱসাগৰত ছাত্র মুক্তি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কা আন্দোলনৰ শ্বহীদ সকলক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জনায় ।
কা আন্দোলনৰ সময়ত শ্বহীদ ছেম ষ্টেফড, ঈশ্বৰ নায়ক, আব্দুল আলিম আৰু দ্বীজেন্দ্ৰ পাংগিঙৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে দীপাঞ্জল দাসে । শিৱসাগৰ ঐতিহাসিক শিৱদৌলৰ সম্মুখত এই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ