
নগাঁও, ১৩ ডিচেম্বৰ (হি.স.)। ৰূপহীহাটৰ বেলগুৰি কছাৰীগাঁৱত উচ্ছেদ জাননী লাভ কৰিয়ে বেদখলকাৰীয়ে ত্যাগ কৰিবলৈ ধৰিছে চৰকাৰী ভূমি। চামগুৰি ৰাজহ চক্ৰৰ খাটোৱাল মৌজাৰ বেলগুৰি কছাৰীগাঁৱৰ গেজিং ৰিজাৰ্ভত ৩ নং দাগৰ ৩৮০বিঘৰো অধিক ভূমিত ২০০ পৰিয়াললৈ উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে চামগুৰি ৰাজহ চক্ৰই ।
জাননী পাই স্ব-ইচ্ছাই চৰকাৰী ভূমি ত্যাগ কৰিছে বেদখলকাৰীয়ে উচ্ছেদৰ জাননী ১৫দিনৰ সময়সীমা বান্ধি দিছে প্ৰশাসনে এক সপ্তাহতেই অধিকাংশ ভূমি ত্যাগ কৰিছে বেদখলকাৰীয়ে। চৰকাৰে বেদখলকাৰীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ পিছত এতিয়া নিজে নিজে আঁতৰি গৈছে বেদখলকাৰীসকল। কিন্তু এই বেদখলকাৰীসকলে এঠাইৰ পৰা গৈ আৰু আন ঠাইত যাতে বেদখল কৰিব নোৱাৰে তাৰ বাবে চৰকাৰকাৰক কঠোৰ ব্যৱস্থা লবলৈও স্থানীয় সচেতন মহলে দাবী জনাইছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা