দেৰগাঁৱত পথ দুৰ্ঘটনা
দেৰগাঁৱত পথ দুৰ্ঘটনা।
দেৰগাঁৱত পথ দুৰ্ঘটনা


গোলাঘাট, ১৩ ডিচেম্বৰ (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁৱত যোৱা কালি শুকুৰবাৰে বিয়লি এক পথ দুৰ্ঘটনা সংঘটিত হয়। দুখন বলেৰ বাহনৰ মাজত সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনাটো ঘটে । এখন পথৰ দাঁতিত ৰখাই থোৱা বলেৰ বাহনক প্ৰচণ্ড খুন্দা আন এখন বলেৰ বাহনে।সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে চালক জন। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ চাৰ্ভিছ লেনত সংঘটিত হয় এই দুৰ্ঘটনা।

জানিব পৰা মতে এটা গেৰেজত মেৰামতিৰ বাবে দিয়া এএছ ০২ এজি ১২২৭ নম্বৰৰ বলেৰ বাহন খনৰ গৰাকী নথকাৰ সুযোগ লৈ দ্ৰুত গতিত চলাইছিল গেৰেজৰ এটা মেকানিকে আৰু নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে আন খন বাহনক। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে মেকানিক ৰূপী চলকজন। ইফালে হুলস্থলীয়া পৰিবেশৰ সৃষ্টি হয় ঘটনা স্থলীত। দেৰগাঁও যানবাহন আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande