
কোকৰাঝাৰ, ১৩ ডিচেম্বৰ (হি.স.): কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ টিপকাইত এক অঘটন সংঘটিত হৈছে। টিপকাইত ৰে’লৰ খুন্দাত নিহত হয় এজন যুৱক। যোৱা কালি শুকুৰবাৰে নিশা ৰে’ল পথ অতিক্ৰম কৰোতেই ৰে’লৰ খুন্দাত যুৱকজন নিহত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ।
নিহত যুৱকজন ছিলকীখাতা প্ৰথম খণ্ড গাঁৱৰ দাহাৰ বসুমতাৰী বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত আৰপিএফ বাহিনী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিএমচিএইচলৈ প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ