তীৰ্থনগৰী হাজোৰ বামুন্দীৰ হাতীমূৰাৰ ন ন অঞ্চলত মিঞাৰ আগ্ৰাসন
কামৰূপ, ১৩ ডিচেম্বৰ (হি.স.)। তীৰ্থনগৰী হাজোৰ বামুন্দীৰ হাতীমূৰাৰ ন ন অঞ্চলত মিঞাৰ আগ্ৰাসন চলিব ধৰিছে। আগ্ৰাসী মিঞাৰ আক্ৰমণত যেন এতিয়া ভীতিগ্ৰস্ত খিলঞ্জীয়া কৃষক। বিষ্ণুপুৰৰ গইৰহে ব্ৰহ্মপুত্ৰৰ বালিচৰত যুগ-যুগ ধৰি খেতি-বাতি কৰি জীৱন নিৰ্বাহ কৰি আছিল
তীৰ্থনগৰী হাজোৰ বামুন্দীৰ হাতীমূৰাৰ ন ন অঞ্চলত মিঞাৰ আগ্ৰাসন


কামৰূপ, ১৩ ডিচেম্বৰ (হি.স.)। তীৰ্থনগৰী হাজোৰ বামুন্দীৰ হাতীমূৰাৰ ন ন অঞ্চলত মিঞাৰ আগ্ৰাসন চলিব ধৰিছে। আগ্ৰাসী মিঞাৰ আক্ৰমণত যেন এতিয়া ভীতিগ্ৰস্ত খিলঞ্জীয়া কৃষক। বিষ্ণুপুৰৰ গইৰহে ব্ৰহ্মপুত্ৰৰ বালিচৰত যুগ-যুগ ধৰি খেতি-বাতি কৰি জীৱন নিৰ্বাহ কৰি আছিল । এতিয়া আগ্ৰাসী মিঞাই এই ভূমি খিলঞ্জীয়াক ভয়-ভাবুকি দেখুৱাই দখলৰ চেষ্টা কৰিছে । ইতিমধ্যে হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত শিলৰদিয়াত খিলঞ্জীয়াই খেতি-বাতি কৰি থকা ভূমি দখল কৰি আগ্ৰাসী মিঞাই ঘৰ সাজি লৈছে । পুনৰ হাতীমূৰা এন কে অঞ্চলত খিলঞ্জীয়াৰ কেইবাটাও জুপুৰি ঘৰ জ্বলাই দিয়াৰ লগতে তাঁৰ কটাৰ বেৰ সমূহ উঠাই দি এইভূমি দখলৰ বাবে উঠি-পৰি লাগিছে আগ্ৰাসী মিঞাই ।

যাৰফলত শ-শ মিঞাৰ ভয় ভাবুকিত এতিয়াযেন খিলঞ্জীয়াই শংকিত হৈ পৰিছে। পলাশবাৰীৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শিবিনা অঞ্চলৰ মিঞাই ইতিমধ্যে খিলঞ্জীয়াই কৰা খেতি নষ্ট কৰি পেলাইছে আনকি চৰকাৰী আঁচনিৰ ফলকো ভাঙি পেলাইছে । এতিয়া যেন আগ্ৰাসী মিঞাৰ ভয়-ভাবুকিত ত্ৰাহি মধুসোধন সোৱৰিছে খিলঞ্জীয়াই । এই বিষয়ে শুৱালকুছি নদী আৰক্ষীক এজাহাৰ দিলেও মিঞাৰ বিৰুদ্ধে ব্যৱস্থা নলোৱাৰ অভিযোগ খিলঞ্জীয়াৰ । কাৰন মিঞাৰ পকেটত শুৱালকুছি নদী আৰক্ষী । এই গুৰুতৰ অভিযোগ খিলঞ্জীয়াই । শীঘ্ৰে আগ্ৰাসী মিঞাৰ বিৰুদ্ধে ব্যৱস্থা নললে তীৰ্থনগৰী হাজোৰ অস্তিত্ব এদিন বিপন্ন হৈ পৰিব । খিলঞ্জীয়াৰ স্বাৰ্থত সদাই সৰব হৈ থকা মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাক গো, মহ পালক তথা কৃষক সকলৰ নিৰপত্তা সু-নিশ্চিত কৰাৰ বাবে দাবী জনাইছে হাজোৰ কৃষক সকলে ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande