মানকাচৰৰ দিপকাই দলবাৰী গাৱঁৰ ৰাইজৰ বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ
দক্ষিণ শালমাৰা মানকাচৰ, ১৩ ডিচেম্বৰ (হি.স.)। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ এখন গাঁৱত আজিৰ দিনতো এটোপাল বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে অঞ্চলবাসী ৰাইজে। কালো নদীৰ কাষেদি গাত খান্দি পানি সংগ্ৰহ কৰি জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে মানকাচৰৰ প
মানকাচৰৰ দিপকাই দলবাৰী গাৱঁৰ ৰাইজৰ বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ


দক্ষিণ শালমাৰা মানকাচৰ, ১৩ ডিচেম্বৰ (হি.স.)। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ এখন গাঁৱত আজিৰ দিনতো এটোপাল বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে অঞ্চলবাসী ৰাইজে। কালো নদীৰ কাষেদি গাত খান্দি পানি সংগ্ৰহ কৰি জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে মানকাচৰৰ পানকাটা গাওঁ পঞ্চায়তৰ দিপকাই দলবাৰী গাওঁ খনৰ ৰাইজে।

মানকাচৰৰ অসম মেঘালয় সীমান্তৱৰ্তী দিপকাই দলবাৰী গাঁৱৰ প্ৰায় তিনি শতাধিক পৰিয়াল পানীৰ বাবে হাহাঁকাৰ কৰিবলগীয়া হৈছে।

দৈনন্দিন প্ৰয়োজনীয় পানী সংগ্ৰহৰ বাবে প্ৰতিদিনে কৰিবলগীয়া হৈছে কঠোৰ সংগ্ৰাম ৷

চৰকাৰী কোনো পানী যোগান ব্যৱস্থা নথকাত আৰু দমকল ব্যৱহাৰ কৰিব নোৱাৰাৰ বাবেই পাহাৰীয়া গাওঁ খনৰ ৰাইজে প্ৰায় দুই তিনি কিঃমিঃ দূৰৰ পৰা কালো নদীৰ কাষত আহি দুষিত পানী সেৱন কৰিব লগীয়া হৈছে ৷

দুষিত পানী সেৱন কৰাৰ ফলত আক্ৰান্ত হৈছে বহু ৰোগত।

গাঁও খনত আজিলৈকে জল জীৱন মিচৰৰ পানী যোগান আঁচনি ঢুকি পোৱা নাই । তথাপি দৃষ্টি গোচৰ হোৱা নাই চৰকাৰৰ জনস্বাস্থ্য কাৰীকৰী বিভাগৰ ৷ বিশুদ্ধ পানী যোগান ধৰাৰ ক্ষেত্ৰত গাওঁ খনৰ প্ৰতি গুৰুত্ব নাই স্থানীয় প্ৰশাসন তথা জনপ্ৰতিনিধিৰ ৷

চৰকাৰ খনে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ উদ্দেশ্যে কোটি কোটি ব্যয় কৰি ৰূপায়ণ কৰা জল জীৱন মিছন আঁচনিও ঢুকি নাপালে গাওঁ খনত ৷ সমান্তৰালকৈ উক্ত গাঁৱখনত নাই যাতায়তৰ বাবে ৰাস্তা ঘাট। যাতায়তৰ বাবে আছে মাত্ৰ এখন এটা বাঁহেৰে নিৰ্মাণ কৰা সাঁকো।

যাৰ বাবে স্হানীয় ৰাইজে উক্ত গাঁৱখনত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰি দিয়াৰ লগতে যাতায়তৰ বাবে ৰাস্তা ঘাটৰ ব্যৱস্হা কৰিবলৈ চৰকাৰ তথা জিলা প্ৰশাসনক কাতৰ আহ্বান জনায়।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande