মানাহত প্ৰকাণ্ড ঢেঁকীয়াপতীয়া বাঘৰ বিশ্ৰাম লৈ থকাৰ দৃশ্য দেখি আপ্লুত পৰ্যটক
বাক্সা, ১৩ ডিচেম্বৰ (হি.স.)। সম্প্ৰতি মানাহত বাঢ়িছে দেশী বিদেশী পৰ্যটকৰ সংখ্য়া। সমান্তৰালকৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানত প্ৰতিটো দিনতেই পৰ্যটকৰ সম্মুখত দৰ্শন দিছে বনৰজাই। মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰিভ্ৰমণ কৰিবলৈ অহা এটা পৰ্যটকৰ দলে এটা প্ৰকাণ্ড ঢেঁকীয়া
মানাহত প্ৰকাণ্ড ঢেঁকীয়াপতীয়া বাঘৰ বিশ্ৰাম লৈ থকাৰ দৃশ্য দেখি আপ্লুত পৰ্যটক


বাক্সা, ১৩ ডিচেম্বৰ (হি.স.)। সম্প্ৰতি মানাহত বাঢ়িছে দেশী বিদেশী পৰ্যটকৰ সংখ্য়া। সমান্তৰালকৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানত প্ৰতিটো দিনতেই পৰ্যটকৰ সম্মুখত দৰ্শন দিছে বনৰজাই। মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰিভ্ৰমণ কৰিবলৈ অহা এটা পৰ্যটকৰ দলে এটা প্ৰকাণ্ড ঢেঁকীয়াপতীয়া বাঘৰ বিশ্ৰাম লৈ থকাৰ দৃশ্য দেখি আপ্লুত হৈ পৰে ।

মানাহৰ বাঁহবাৰী ৰেঞ্জত দেখিবলৈ পোৱা যায় এই দৃশ্য। এই দৃশ্য মানাহৰ টুৰিষ্ট গাইড তপন কোচে কেমেৰাত বন্দী কৰে । উল্লেখ্য যে বাক্সা জিলাৰ উত্তৰাঞ্চলত, ভূটান পৰ্বতৰ পাদদেশত অৱস্থিত এই ৰাষ্ট্ৰীয় উদ্যান ভূটানৰ ৰয়েল মানস ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে সংলগ্ন হৈ আছে। মানাহ ৰাষ্ট্ৰীয় উদ্যান অধোক্ৰান্তীয় মণ্ডলৰ অন্তৰ্ভুক্ত আৰু ইয়াৰ জলবায়ু সেমেকা তথা ক্ৰান্তীয় ধৰণৰ। এই ৰাষ্ট্ৰীয় উদ্যান বহুতো আপুৰুগীয়া তথা লুপ্ত-প্ৰায় বন্যপ্ৰাণী নল গাহৰি, সোণালী বান্দৰ আদিৰ বাসস্থান হিচাপে খ্যাত। বনৰীয়া ম'হৰ অন্যতম প্ৰধান আশ্ৰয়স্থলী হিচাপেও বাবেও মানস ৰাষ্ট্ৰীয় উদ্যানৰ খ্যাতি আছে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande