পৰিত্যক্ত ৰূপ ধাৰণ কলিয়াবৰৰ শিলঘাটত নিৰ্মিত জলসম্পদ বিভাগৰ এটা কোটি টকীয়া ভৱন
নগাও,১৩ ডিচেম্বৰ (হি.স.)। মুকলিৰ পূৰ্বেই পৰিত্যক্ত ৰূপ ধাৰণ কৰিছে কলিয়াবৰৰ শিলঘাটত নিৰ্মিত জলসম্পদ বিভাগৰ এটা কোটি টকীয়া ভৱন। বিভাগীয় অমনোযোগিতাত হাবি-জংঘলৰে ভৰি পৰিত্যক্ত ৰূপ লৈছে জলসম্পদ বিভাগৰ এই অত্যাধুনিক ভৱনটো। প্ৰায় ৬ বছৰ পূৰ্বেই মন্ত্ৰী কেশ
পৰিত্যক্ত ৰূপ ধাৰণ কলিয়াবৰৰ শিলঘাটত নিৰ্মিত জলসম্পদ বিভাগৰ এটা কোটি টকীয়া ভৱন


নগাও,১৩ ডিচেম্বৰ (হি.স.)। মুকলিৰ পূৰ্বেই পৰিত্যক্ত ৰূপ ধাৰণ কৰিছে কলিয়াবৰৰ শিলঘাটত নিৰ্মিত জলসম্পদ বিভাগৰ এটা কোটি টকীয়া ভৱন। বিভাগীয় অমনোযোগিতাত হাবি-জংঘলৰে ভৰি পৰিত্যক্ত ৰূপ লৈছে জলসম্পদ বিভাগৰ এই অত্যাধুনিক ভৱনটো। প্ৰায় ৬ বছৰ পূৰ্বেই মন্ত্ৰী কেশৱ মহন্ত জলসম্পদ বিভাগৰ দায়িত্বত থকাৰ সময়তে প্ৰায় ডেৰ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল জলসম্পদ বিভাগৰ এই পৰিদৰ্শন ভৱন তথা অতিথিশালাটো।

৩ বছৰ পূৰ্বেই ভৱনটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছিল যদিও আজিলৈকে ভৱনটো মুকলি নোহোৱাত এতিয়া হাবি-জংঘলৰে ভৰি পৰি মুকলিৰ পূৰ্বেই পৰিত্যক্ত হৈ পৰিছে। এনদৰে গে'টত তলা লগাই দায়িত্ব সামৰিছে বিভাগীয় কৰ্মচাৰীয়ে। ফলত এতিয়া সাপ-বেঙৰ আৱাসস্থলীত পৰিণত হৈছে জলসম্পদ বিভাগৰ এই ডেৰ কোটিটকীয়া ভৱনটো।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande