
যোৰহাট, ১৩ ডিচেম্বৰ (হি.স.): যোৰহাট জিলাৰ মৰিয়নি নাগাজাংকাত যোৱা কালি শুকুৰবাৰে নিশা বন্য হস্তীৰ আক্ৰমনত নিহত হয় এজন লোক। নিজৰ ধাননী পথাৰৰ পৰা হাতী খেদিবলৈ যোৱাৰ সময়ত হাতীৰ আক্ৰমনত কৰুণ মৃত্যুক আঁকোৱালি লয় মদন চুতীয়া নামৰ লোকজনে ।
উল্লেখ্য় যে গিৱন অভয়াৰণ্যৰ পৰা নিশা খাদ্যৰ সন্ধানত ওলাই আহি নাগাজাংকা অঞ্চলত কিছু দিন ধৰি উপদ্ৰব চলাই আহিছিল বন্য হস্তীৰ এটা জাকে। বন বিভাগক বাৰম্বাৰ অবগত কৰাৰ পাছতো হাতী খেদাৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ কৰিছে ৰাইজে।
উল্লেখ্য় যে ৰাজ্য়ৰ ওদালগুৰি, বাক্সা, শোণিতপুৰ, তামুলপুৰ, যোৰহাট, গোলাঘাট আদি এলেকাত বনৰীয়া হাতীৰ উপদ্ৰপ অব্য়াহত আছে। হাতী মানুহৰ এই সংঘাটত বিভিন্ন সময়ত বহু সংখ্য়ক লোকে প্ৰাণ হেৰুৱাইছে। সমান্তৰালকৈ বন্য়হস্তীও মৃত্য়ুমুখত পৰিছে। মানুহ আৰু বন্য হস্তীৰ সংঘাত বৃদ্ধি পোৱাৰ মূল কাৰণ হ'ল জনসংখ্যা বৃদ্ধিৰ ফলত বনাঞ্চল ধ্বংস হোৱা, যাৰ বাবে হাতীয়ে খাদ্য আৰু বাসস্থানৰ সন্ধানত জনবসতিপূৰ্ণ অঞ্চললৈ ওলাই আহি খেতি পথাৰ আৰু ঘৰ-বাৰী ধ্বংস কৰে, যাৰ ফলত মানুহৰ জীৱনহানি হোৱাৰ লগতে হাতীৰো মৃত্যু ঘটে। এই সংঘাত ৰোধ কৰিবলৈ বনাঞ্চলৰ সুৰক্ষা, হাতীৰ খাদ্যৰ ব্যৱস্থা কৰা, আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা প্ৰয়োজনীয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ