
লক্ষীমপুৰ, ১৩ ডিচেম্বৰ (হি.স.): লক্ষীমপুৰ জিলাৰ বিহপুৰীয়াৰ পকাদলত ডিক্ৰং নদীৰ ব্য়াপক খহনীয়াই আতংকৰ সৃষ্টি কৰিছে। নদীৰ গৰ্ভত জাহ গৈছে বিঘাই বিঘাই কৃষিভূমি। এইক্ষেত্ৰত জলসম্পদ বিভাগ তথা জনপ্ৰতিনিধিয়ে কোনো গুৰুত্ব দিয়াটো পৰিলক্ষিত হোৱা নাই ৷
উল্লেখ্য় যে বিহপুৰীয়া ৰাজহ চক্ৰ অধীনৰ পকাদলত খৰালিতো ডিক্ৰং নদীৰ ভয়াৱহ গৰা খহনীয়াত জাহ গৈছে শ শ বিঘা কৃষিভূমি ৷ এতিয়া বিঘাই বিঘাই কৃষকৰ কৃষিভুমি নদীখনৰ গৰ্ভত জাহ যোৱাত দিশহাৰা হৈ পৰিছে খেতিয়ক সকল ৷ গৰাখহনীয়াই নিদ্ৰা হৰণ কৰিছে খেতিয়ক তথা অঞ্চলবাসী লোক সকলক ৷ ইফালে নীৰৱ জলসম্পদ বিভাগ আৰু আনফালে স্থানীয় বিধায়ক ড° অমিয় কুমাৰ ভূঞাৰো কোনো তৎপৰতা দেখিবলৈ পোৱা হোৱা নাই ৷ সেয়েহে ভূক্তভোগী ৰাইজে জলসম্পদ মন্ত্ৰী তথা মুখ্য়মন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ