
চিৰাং, ১৩ ডিচেম্বৰ (হি.স.)। বন বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি চিৰাং জিলাৰ বাসুগাঁও চহৰৰ সমীপৰ চম্পাৱতী নৈৰ বুকুত চলিছে অবৈধ খননকাৰ্য । এই অভিযোগ স্থানীয় ৰাইজৰ।
মাফিয়া কায়দাৰে জেচিবি, এস্কেভেটৰে দি নৈৰ বুকুত অবৈধ ভাবে খনন কৰি চলাই আছে শিল বালিৰ অবৈধ বেহা। সম্প্ৰতি শিল বালিৰ মাফিয়া চক্ৰটোয়ে চম্পাৱতী নৈৰ বুকুত অবৈধ বান্ধ নিৰ্মাণ কৰি নৈৰ গতিপথ সলনি কৰি খননকাৰ্য আৰম্ভ কৰিছে । ফলস্বৰূপ চম্পাৱতী নৈত নতুনকৈ আৰম্ভ হৈছে গৰাখহনীয়া ।
চম্পাৱতী নৈৰ গতিপথ সলনি কৰাৰ ফলত আৰম্ভ হোৱা গৰাখহনীয়াক লৈ শংকিত হৈ পৰিছে নৈপৰীয়া থুৰিবাৰী গাঁৱৰ কৃষিজীৱী ৰাইজ। এইক্ষেত্ৰত
বনবিভাগৰ ভূমিকাক লৈ ৰাইজে প্ৰশ্ন উত্থাপন কৰে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা