
মৰিগাঁও, ১৩ ডিচেম্বৰ (হি.স.)। মৰিগাঁও জিলাৰ জাগীৰোডৰ নেলী আৰক্ষীৰ চোৰাং গৰু বিৰোধী অভিযান অব্যাহত আছে। শেহতীয়াকৈ চলোৱা অভিযানত উদ্ধাৰ কৰা হৈছে ৯টাকৈ চোৰাং গৰু ।
উল্লেখ্য যে নিশা মেঘালয়লৈ সৰবৰাহ কৰাৰ সময়তে উদ্ধাৰ কৰা হয় গৰুকেইটা । এই সন্দৰ্ভত এএছ ২১ এচি ৪৮৯৮ নম্বৰৰ এখন গৰু কঢ়িওৱা বাহন জব্দ কৰা হৈছে। ইফালে জব্দকৃত গৰুকেইটা নগাঁও বেঙেনাআটিৰ জ্যোতি গোঁশালালৈ প্ৰেৰণ কৰা হয়।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা