জটিল ৰোগত আক্ৰান্ত চেঙাৰ গোপালপুৰৰ এটি অসহায় পৰিয়ালৰ সহায়ৰ কাতৰ আহ্বান
চেঙাৰ গোপালপুৰত এটি অসহায় পৰিয়ালৰ কাতৰ আহ্বান।
জটিল ৰোগত আক্ৰান্ত চেঙাৰ গোপালপুৰৰ এটি অসহায় পৰিয়ালৰ সহায়ৰ কাতৰ আহ্বান


বৰপেটা, ১৩ ডিচেম্বৰ (হি.স.): বৰপেটা জিলাৰ চেঙাৰ গোপালপুৰত এটি অসহায় পৰিয়ালৰ সদস্যৰ চিকিৎসাৰ বাবে সহৃদয় জনলৈ কাতৰ আহ্বান জনাইছে । পৰিয়ালটোৰ ২০ বছৰীয়া মনিৰুল ইছলাম নামৰ যুৱকজনে বিগত ১৫ বছৰ ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ বিছনাত ছটফটাই আছে । এতিয়া যুৱক জনৰ প্ৰয়োজন হৈছে উন্নত চিকিৎসাৰ। সম্প্ৰতি টকাৰ অভাৱত উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈ আছে যুৱকজন।

ইয়াৰ পূৰ্বেও যুৱকজনক গুৱাহাটী জিএমচিএইচত অস্ত্ৰোপচাৰ সম্পূৰ্ণ হৈছিল যদিও কিছু দিন ভালে থাকি পুনৰ একেটা ৰোগতেই আক্ৰান্ত হয় যুৱকজন। সেয়ে এতিয়া দুৰ্ভোগীয়া পৰিয়ালে বিচাৰিছে মুখ্যমন্ত্ৰী তথা হৃদয়ৱান লোকৰ অকণমান সহায় ভিক্ষা। যদি কোনো হৃদয়ৱানে অসহায় পৰিয়ালটিক সহায় কৰিব বিচাৰে তেন্তে যুৱক জনৰ পৰিয়ালৰ 9101447549 ফোনপেʼ নম্বৰত সহায় কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ আহ্বান জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande