ইন্টাৰনেছনেল বুক অফ ৰেকৰ্ডছত অন্তৰ্ভূক্ত চাপৰৰ কেয়া সাহাৰ নাম
মাটিৰে আটাইতকৈ সৰু ফলৰ টোপোলা (Fruit Basket) নিৰ্মাণৰে বিশ্ব অভিলেখ কেয়া সাহাৰ ধুবুৰী, ১৩ ডিচেম্বৰ (হি.স.)। ধুবুৰী জিলাৰ চাপৰৰ ৬ নং ৱাৰ্ডৰ কেয়া সাহা নামৰ যুৱতী গৰাকীৰ সাফল্যই পৰিয়ালবৰ্গৰ লগতে গৌৰৱান্বিত কৰিছে অঞ্চলবাসীক। এটাৰ পিছত আনট
ইন্টাৰনেছনেল বুক অফ ৰেকৰ্ডছত অন্তৰ্ভূক্ত চাপৰৰ কেয়া সাহাৰ নাম


মাটিৰে আটাইতকৈ সৰু ফলৰ টোপোলা (Fruit Basket) নিৰ্মাণৰে বিশ্ব অভিলেখ কেয়া সাহাৰ

ধুবুৰী, ১৩ ডিচেম্বৰ (হি.স.)। ধুবুৰী জিলাৰ চাপৰৰ ৬ নং ৱাৰ্ডৰ কেয়া সাহা নামৰ যুৱতী গৰাকীৰ সাফল্যই পৰিয়ালবৰ্গৰ লগতে গৌৰৱান্বিত কৰিছে অঞ্চলবাসীক। এটাৰ পিছত আনটো সাফল্যই কেয়া সাহাৰ মনোবল দুগুণ কৰাৰ লগতে বহুতৰ আদৰ্শ হৈ পৰিছে কেয়া সাহা। সদ্য নিযুক্ত মাধ্যমিক বিদ্যালয়ত এগৰাকী শিক্ষয়ত্ৰী হিচাপে নিযুক্তি লাভ কৰাৰ পিছত ডাকযোগে ঘৰলৈ আহিল আন এক সুখৱৰ।

উল্লেখ্য যে ৬ মাহ পূৰ্বে অনলাইন যোগে আবেদন কৰিছিল ইন্টাৰনেছনেল বুক অৱ ৰেকৰ্ডছৰ বাবে। পিছলৈ যাৱতীয় কাম সম্পূৰ্ণ কৰাৰ পিছত নাম অন্তৰ্ভূক্ত হৈছিল ইন্টাৰনেছনেল বুক অৱ ৰেকৰ্ডছত অৰ্থ্যাৎ মাটিৰে আটাইতকৈ সৰু ফলৰ টোপোলাৰে নিৰ্মাণৰে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল কেয়া সাহা। অৱশেষত ডাকযোগে বিশ্ব অভিলেখ গঢ়াৰ মানপত্ৰ লাভ কৰাত আনন্দিত হয় সাহা। সৰুৰে পৰা চিত্ৰ অংকন কৰি ভাল পাইছিল সাহাই। পিছলৈ চাপৰত বীণাপানি আৰ্ট স্কুল স্থাপন কৰি নিজে চিত্ৰশিল্প হিচাপে প্ৰশিক্ষণ দি আছিল ছাত্ৰ ছাত্ৰীক। পুত্ৰবিহীন পৰিয়ালটোৰ কনিষ্ঠ ছোৱালীজনীৰ এনে সাফল্যই পিতৃ মাতৃক গৌৰৱান্বিত কৰাৰ উপৰি চাপৰত কেয়া সাহা নাৰী তথা ছোৱালী সমাজৰ আদৰ্শ হৈ পৰিছে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande