
বৰপেটা, ১৩ ডিচেম্বৰ (হি.স.): হায়দৰাবাদৰ পৰা ঘৰলৈ ওভতাৰ পথতে এগৰাকী যুৱক নিৰুদ্দেশ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। সন্ধানহীন যুৱকজন বৰপেটা জিলাৰ চেঙা সমষ্টিৰ আলোপতি চৰ আৰক্ষী থানাৰ অন্তৰ্গত নিচানৰচৰ গাঁৱৰ ইব্ৰাহিম আলীৰ পুত্ৰ মহিবুল ইছলাম (২১) বুলি পৰিচয় পোৱা গৈছে।
উল্লেখ্য় যে যুৱকজনে প্ৰায় এবছৰ ধৰি কৰ্মসূত্ৰে হায়দৰাবাদতে আছিল । ইফালে ৮ ডিচেম্বৰত যুৱকজন ৰে’লযোগে গুৱাহাটী অভিমুখে আহে যদিও আজিলৈকে ঘৰ আহি নোপোৱাত হাহাকাৰ লাগিছে পৰিয়ালৰ মাজত। পৰিয়ালৰ লোকে জনোৱা মতে, ৰে’লখন ১১ ডিচেম্বৰতে গুৱাহাটী আহি পায় যদিও যুৱকজনৰ আজিলৈকে কোনো শুংসূত্ৰ নাই। মহিবুল ইছলাম নামৰ যুৱকজনৰ কোনো সম্ভেদ পালে ওচৰৰ আৰক্ষী থানা অথবা 7896509163 নম্বৰত ফোন যোগে যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ