বিধায়ক মানব ডেকাৰ ঘনিষ্ঠৰ কৰ্মকাণ্ডক লৈ তীব্ৰ প্ৰতিক্ৰিয়া
ঠিকাদাৰ প্ৰাঞ্জল হাজৰিকাৰ প্ৰথমা পত্নীৰ একমাত্ৰ জিয়াৰী ৰিচিতা হাজৰিকাৰ গুৰুতৰ অভিযোগ উত্থাপন ।
বিধায়ক মানব ডেকাৰ ঘনিষ্ঠৰ কৰ্মকাণ্ডক লৈ তীব্ৰ প্ৰতিক্ৰিয়া


লক্ষীমপুৰ, ১৩ ডিচেম্বৰ (হি.স.): লক্ষীমপুৰৰ ঠিকাদাৰ, মদৰ মহল (প্ৰাঞ্চী লিকীয়)ৰ মালিক প্ৰাঞ্জল হাজৰিকাই ২০১৬ চনত হোৱা বিবাহ বিচ্ছেদৰ সকলো চৰ্ত অমান্য কৰি এজনী নিষ্পাপ কিশোৰীৰ জীৱন অন্ধকাৰলৈ থেলি দিয়াৰ গুৰুতৰ অভিয়োগ উত্থাপন কৰিছে তেওঁৰ প্ৰথমা পত্নীৰ একমাত্ৰ জিয়াৰী ৰিচিতা হাজৰিকাই ৷ অন্যহাতেদি প্ৰাঞ্জল হাজৰিকাই আদালতৰ ৰায় অৱমাননা কৰাৰো গুৰুত্বৰ অভিযোগ তুলি নিজ পিতৃয়ে মাতৃ কন্য দুয়োজনীক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাৰো অভিযোগ তুলিছে ৰিচিতা হাজৰিকাই ৷

ইয়াৰোপৰি ভৰণ-পোষনৰ দায়িত্বৰ নামত থকা নুন্যতম আৰ্থিক চুক্তি প্ৰাঞ্জল হাজৰিকাই যোৱা ৯ বছৰে প্ৰদান কৰা নাই ৷ যাৰ বাবে তেওঁৰ শিক্ষা জীৱন আধৰুৱা হৈ পৰিছে বুলি উল্লেখ কৰিছে ৷ অন্যহাতেদি বিধায়ক মানব ডেকাৰ ঘনিষ্ঠ হোৱাৰ সুবাদত মইমতালি অব্যাহত ৰাখি পুলিচ প্ৰশাসনৰ ভয় ভাবুকি প্ৰদান কৰি আহিছে ৷ এই ক্ষেত্ৰত কিশোৰীজনীয়ে নিৰাপত্তাহীনতাত ভোগাৰ অভিযোগ উত্থাপন কৰিছে ৷ ইয়াৰ লগতে ভুক্তভোগী কিশোৰী জনীয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক এনেদৰে জীৱন ধ্বংস হোৱা কিশোৰী জনীক যৎসামান্য সাহায্য প্ৰদান কৰি ন্যায়িকভাবে পোৱা প্ৰাপ্যখিনি প্ৰশাসনৰ জড়িয়তে দিয়োৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande