
শিৱসাগৰ , ১৩ ডিচেম্বৰ (হি.স.)। ভূত বাংলাত পৰিণত অসম চৰকাৰৰ কৃষি বিভাগৰ শিৱসাগৰ ভাধৰাৰ কৃষিপাম। তৰু তৃণ গছ লতাৰে আৱৰি ধৰিছে কায্যালয়ৰ আৱাস গৃহ ৷ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰিও আজি পৰ্যন্ত লাভ নকৰিলে পেঞ্চন৷ জহি-খহি গৈছে চৰকাৰী কাৰ্যালয়টো। বিয়াগোম কৃষি বিভাগৰ বহু যন্ত্ৰ-পাতি যান বাহনো এলাগী হৈ পৰি আছে কাৰ্যালয়ৰ চৌহদত।
কাৰ্যালয়টোৰ আৱাসগৃহৰ মাজত নথি পত্ৰ আজিও বন্দী বাকচত। কাৰ্যালয়টোৰ কাষতে পৰি ৰৈছে দুটাকৈ গুদাম ঘৰ ৷ প্ৰায় ৭০বিঘা মাটিত স্থাপন কৰা হৈছিল অসম চৰকাৰৰ কৃষি বিভাগৰ এই প্ৰকল্পটো ৷ কাণসাৰ নাই ৰাজ্যৰ বিয়াগোম কৃষি বিভাগৰ। কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰিলে কিন্তু আজিও বঞ্চিত প্ৰাপ্য মজুৰিৰ লগতে পেঞ্চনৰ পৰা । ক্ষোভ প্ৰকাশ অৱসৰপ্ৰাপ্ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী অকণ গগৈৰ। অকণ গগৈ প্ৰায় পোন্ধৰ বছৰ ধৰি বঞ্চিত নিজৰ প্ৰাপ্যৰ পৰা৷ কৃষি বিভাগৰ চৰকাৰী কোনোধৰণৰ আবণ্টিত ধন লাভ নকৰাৰ বাবে বন্ধ হৈ পৰিল এই কাৰ্যালয়টো ৷ কৃষি মন্ত্ৰী অতুল বড়ায় ইমানতে দায় সামৰিব নেকি ধংশমুখি কৃষি পাম খনৰ নে কিবা ব্যৱস্থা গ্ৰহণ কৰিব সময়ত সেয়াহে হব লক্ষণীয় ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা