
ধুবুৰী, ১২ ডিচেম্বৰ (হি.স.): ওদালগুৰি জিলাৰ টংলাৰ পৰা ৰে’লযোগে যাত্ৰা কৰা এজন যুৱকক অচেতন অৱস্থাত বুধবাৰে ধুবুৰীৰ ৰে’ল ষ্টেচনত উদ্ধাৰ কৰা হয়। পিছত ৰে’ল আৰক্ষীৰ তৎপৰতাত ধুবুৰী মেডিকেল কলেজত প্ৰেৰণ কৰে যদিও যুৱক গৰাকীৰ কালি সন্ধিয়া মৃত্যু হয়।
ঘটনাৰ বিৱৰণী মতে, ওদালগুৰি জিলাৰ টংলা আৰক্ষী থানাৰ অন্তৰ্গত মহেন্দ্ৰ দাস নামৰ ৩৩ বছৰীয়া যুৱক গৰাকী যোৱা ৭ ডিচেম্বৰত ৰঙিয়া ৰে'ল ষ্টেচনৰ পৰা ধুবুৰীৰ গোলোকগঞ্জত অহাৰ কথা কৈ ঘৰৰ পৰা ওলাই আহে। পিছে তেতিয়াৰ পৰাই যুৱক গৰাকীৰ লগত ঘৰৰ মানুহৰ যোগাযোগ বিচ্ছিন্ন হোৱাৰ ফলত তেওঁৰ পত্নীয়ে যুৱক গৰাকীৰ নিৰুদ্দেশৰ হোৱাৰ কথাে টংলা আৰক্ষী থানা অৱগত কৰে। যোৱা কালি আকৌ পত্নীয়ে ৰঙিয়া ৰে'ল আৰক্ষীক তেওঁৰ স্বামী নিৰুদ্দেশ হোৱাৰ বিষয়ে অৱগত কৰে। তাৰ পাছতেই যোৱাকালি ধুবুৰী ৰে’ল ষ্টেচনৰ প্লাট ফৰ্মত অচেতন অৱস্থাত ৰে’ল আৰক্ষীয়ে প্ৰত্যক্ষ কৰে। লগে লগে ধুবুৰী মেডিকেল কলেজত প্ৰেৰণ কৰে যদিও বৃহস্পতিবাৰে সন্ধিয়া যুৱকজনৰ মৃত্যু হয়। মহিলা গৰাকীৰ নিৰুদ্দেশৰ জাননীৰ আধাৰত ৰঙিয়া আৰু ধুবুৰীৰ ৰে'ল আৰক্ষীয়ে পৰিয়ালক অৱগত কৰে।পিছত ধুবুৰীত দুই সন্তানসহ মহিলাগৰাকী আহি কান্দোনত ভাগি পৰাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীক ন্যায় বিচাৰি কাতৰ আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ