তামুলপুৰত হাতী-মানুহৰ সংঘাত সন্দৰ্ভত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সভা
হাতীয়ে নষ্ট কৰা প্ৰতিবিঘা শস্যভূমিৰ বাবে কৃষকে পাব ৮,০০০ টকাকৈ। ―বনমন্ত্ৰী।
তামুলপুৰত হাতী-মানুহৰ সংঘাত সন্দৰ্ভত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সভা।


তামুলপুৰ, ১২ ডিচেম্বৰ (হি.স.): তামুলপুৰত আজি শুকুৰবাৰে অনুষ্ঠিত অৰুণোদয় ৩.০-ৰ শুভাৰম্ভনী অনুষ্ঠানৰ পাছত তামুলপুৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখনি সভাত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু ক্ৰীড়া আৰু যুৱকল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লোছা উপস্থিত থাকে। জিলাখনত সঘনে হৈ থকা হাতী-মানুহৰ সংঘাত সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে বিতংকৈ আলোচনা কৰে। জিলাখনৰ বন বিভাগত এইক্ষেত্ৰত সকলোধৰণৰ সহযোগিতা আগবঢ়াব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বিশেষকৈ পৰ্যাপ্ত বাহন, অস্ত্ৰ-শস্ত্ৰ, টৰ্চ আদি যোগান ধৰা হ'ব বুলিও উল্লেখ কৰে। জিলাখনৰ কেবাটাও নদীত অবৈধ খনন ৰোধ কৰাৰ ক্ষেত্ৰতো মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। তেওঁ জিলা বন বিষয়াক চালান বন্ধ কৰিবলৈ পৰামৰ্শ দিয়ে।

হাতী-মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে গজমিত্ৰ নিয়োগৰ ওপৰতো মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। তেওঁ উল্লেখ কৰে যে হাতীয়ে কৃষকৰ শস্যপথাৰ নষ্ট কৰিলে প্ৰতিবিঘাত ৮,০০০ টকাকৈ শীঘ্ৰে ক্ষতিপূৰণ দিয়া হ'ব। যদি কোনো লোক হাতীৰ আক্ৰমণত নিহত হয়, তেওঁৰ পৰিয়ালে লাভ কৰিব ৬ লাখ টকা। উল্লেখ্য যে নিহত লোকৰ বাবে কোনো পোষ্টমৰ্টেম ৰিপ'ৰ্ট বা গাঁওবুঢ়াৰ প্ৰমাণপত্ৰৰো কোনো প্ৰয়োজন নাই। দুই-এদিনৰ ভিতৰতে এই ধন পৰিয়ালে পোৱাৰ ক্ষেত্ৰতো মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। হাতীয়ে মূলতঃ খাদ্যৰ বাবে জনাঞ্চললৈ আহে বাবে পতঞ্জলিৰ উদ্যোগত নেপিয়াৰ আৰু ঔগছ ৰোপণ কৰাৰ কথা জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে উল্লেখ কৰে। লগতে সজাগতা সভা অনুষ্ঠিত কৰাৰ কথাও তেওঁ দোহাৰে।

জিলা আয়ুক্তগৰাকীয়ে কম খৰচত যাতে হাতীৰ শৰীৰত স্থাপন কৰিবৰ বাবে ৰেডিঅ' কলাৰ লাভ কৰিব পাৰি, সেই সন্দৰ্ভত গুৱাহাটী, আই আই টিৰ লগত যোগাযোগ কৰাৰ কথাও দোহাৰে। আজিৰ সভাখনত বাক্সাৰ জিলা বন বিষয়া প্ৰদীপ কুমাৰ ভূঞা, উত্তৰ কামৰূপৰ বন বিষয়া টি চি ৰঞ্জিৎ ৰামৰ উপৰি বিজিত গৌৰা নাৰ্জাৰী, লক্ষী দাস, মহেশ্বৰ বসুমতাৰী, গণেশ কছাৰী আদি জনপ্ৰতিনিধিৰ লগতে জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে বুলি তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande