
বৰপেটা, ১২ ডিচেম্বৰ (হি.স.)। বৰপেটা মেডিকেল কলেজ হস্পিটালত জাপানৰ জাইকা প্ৰতিষ্ঠানটোৰ দুজনীয়া কাৰিকৰী বিশেষজ্ঞৰ দল উপস্থিত হৈ কাম কাজ পৰিদৰ্শন কৰে। হোৰোশ্বি আবোই আৰু ৰেই কানছাকুৰ নেতৃত্বত অহা দুজনীয়া বিশেষজ্ঞৰ দলটোৱে বৰপেটা মেডিকেল কলেজ হস্পিটাল চৌহদত জাইকাৰ অৰ্থ সাহাৰ্যৰে নিৰ্মীয়মান ছুপাৰস্পেচিয়েলিটি হস্পিটালখনৰ কামকাজ পৰিদৰ্শন কৰে ।
বিশেষজ্ঞৰ দলটোৱে ছুপাৰস্পেচিয়েলিটী হস্পিটালখনৰ কাম কাজৰ অগ্ৰগতি সন্তোষজনক বুলি মন্তব্য কৰে । এই পৰিদৰ্শনৰ সময়তে বিশেষজ্ঞৰ দলটোৱে মেডিকেল কলেজখনৰ ১৩ সংখ্যক বাৰ্ষিক উৎসৱতো অংশগ্ৰহণ কৰে।
জাইকাৰ বিশেষজ্ঞ দলটোৱে বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰৰ লগতে মেডিকেল কলেজ কতৃপক্ষৰ সৈতে এখন বৈঠকতো অংশগ্ৰহণ কৰে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা