
জুবিন গাৰ্গৰ হত্যাকাৰীক আদালতে কঠোৰ শাস্তি প্ৰদান কৰিবঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
কোকৰাঝাৰ, ১২ ডিচেম্বৰ (হি.স.)। জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ ন্যায় প্ৰদান কৰিবলৈ অসমৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতি মতেই এছ আই টিয়ে অভিলেখ সংখ্যক দিনত আজি গুৱাহাটী আদালতত জুবিন গাৰ্গৰ হত্যাৰ চাৰ্জছীট দাখিল কৰিছে৷ জুবিন গাৰ্গৰ হত্যাকাৰীক উপযুক্ত শাস্তি দিবলৈ চৰকাৰে লোৱা দায়িত্ব পালন কৰি এছ আই টিয়ে দাখিল কৰা চাৰ্জছীট মতেই আদালতে সুন্দৰভাৱে শুনানি গ্ৰহণ কৰি দোষী সকলক উপযুক্ত শাস্তি প্ৰদান কৰিব৷জুবিন গাৰ্গৰ হত্যাৰ গোচৰত বহুকেইজন ব্যক্তিক অভিযুক্ত কৰিছে৷
এই ক্ষেত্ৰত অপৰাধীৰ প্ৰতি কঠোৰ স্থিতি গ্ৰহণ কৰা আদালতে নিৰপেক্ষ ভাবে বিচাৰ প্ৰক্ৰিয়া সমাপন কৰি দোষী সকলক উপযুক্ত শাস্তি প্ৰদান কৰিব৷ আদালতৰ এই ন্যায় প্ৰক্ৰিয়াক ৰাইজে সন্মান জনাব লাগিব৷ এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ৷ লোকে-লোকাৰণ্য বিটিচি সচিবালয়ৰ গ্ৰীণ ফিল্ডত আজি পুৱাৰ পৰাই উথপথপ পৰিবেশৰ মাজতে অৰুণোদয় ৩.০ কেন্দ্ৰীয় শুভাৰম্ভণী কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এইদৰে কয়৷আনহাতে বিটিচি প্ৰদেশীয় বিধান পৰিষদত আক্ৰমণ চলোৱা ঘটনাত জড়িত ব্যক্তিক চিনাক্ত কৰিবলৈ ন্যায়মূৰ্ত্তি হীৰেন্দ্ৰ নাথ শৰ্মাক দায়িত্ব অৰ্পণ কৰা বুলি প্ৰকাশ কৰিছে৷বিটিচি বিধান পৰিষদত তাণ্ডৱ চলোৱা ঘটনাৰ সৈতে জড়িত থকা ব্যক্তি সকলক ন্যায়িক তদন্তৰ জৰিয়তে উপযুক্ত শাস্তিৰ দাবী জনোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে এগৰাকী বিশেষ ন্যায়মূৰ্ত্তিক দায়িত্ব অৰ্পণ কৰা হৈছে বুলিও সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে৷
আনহাতে কোকৰাঝাৰস্থিত বিটিচি সচিবালয়ৰ গ্ৰীণ ফিল্ডত আজি ১,২০,৮৫৪ গৰাকী হিতাধিকাৰীক প্ৰত্যক্ষভাবে আঁচনিৰ ধন হস্তান্তৰ প্ৰক্ৰিয়া আৰম্ভ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷অসমৰ বুনিয়াদী অৰ্থনীতি সবলীকৰণ আঁচনি অৰুণোদয় ৩.০ হিতাধিকাৰীক ধন হস্তান্তৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ দৰেই আজি বিটিচিৰ সদৰ কোকৰাঝাৰত অনুষ্ঠিত বিশাল জনসভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি মতেই দৰিদ্ৰ মহিলাক ডিচেম্বৰ মাহৰ অৰুণোদয়ৰ ধন প্ৰদনাৰ উপৰি ১৩ আৰু ১৭ তাৰখিত লাখপতি বাইদেউ সকলক দহ হাজাৰ টকাৰ দিয়া হ’ব বুলি ঘোষণা কৰে৷আনহাতে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে বিটিচি চীফ হাগ্ৰামা মহিলাৰীৰ অনুৰোধ মৰ্মে আৰু ৫০ হাজাৰ হিতাধিকাৰী বঢ়াই মুঠ ৪ লাখ ৫০ হাজাৰ মহিলাৰ অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিছে বুলিও ভাষণত উল্লেখ কৰে৷
আনহাতে জানুৱাৰী মাহৰ ১ তাৰিখত এটা ডাঙৰ উপহাৰ দিয়াৰ কথা ঘোষণা কৰি ৰাজ্যৰ চল্লিশ লাখৰ ওপৰত মহিলাই লাভ কৰা অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলা সকলে শক্তিশালী হব পাৰিছে৷বক্তব্যত তেখেতে প্ৰতি মাহৰ দহ তাৰিখে ১,২৫০ টকা, প্ৰধানমন্ত্ৰীৰ পাঁচ কেজিকৈ বিনামূলীয়া চাউলৰ পৰা আঠশ টকা আৰু ১১৭ টকা চেনী, দাইল আৰু নিমখ পাই আছে৷অহা ১ জানুৱাৰীৰ পৰা এশ টকাত চেনী, দাইল আৰু নিমখ পাব৷এতিয়া মহিলা সকলে কাৰো ওচৰত হাত পাতিব নালাগিব৷আগতে দুখীয়া দৰিদ্ৰই এনে আঁচনি লাভ কৰা নাছিল৷কাইলৈ পুনৰ লাখপতি বাইদেউ সকলক দহ হাজাৰ টকা ১৩ গোসাঁইগাঁওত বিতৰণ কৰিব৷একেদৰে ১৭ তাৰিখে দোতমাত লাখপতি বাইদেউ সকলে জানুৱাৰী মাহৰ ভিতৰতে দহ হাজাৰ টকাৰ ব্যৱস্থা কৰিব৷তাৰোপৰি ইমান দিনে নিযুত মইনা আঁচনিৰে ছোৱালী সকলৰ বাবে পঢ়াৰ খৰচৰ ব্যৱস্থা কৰিছে৷ জানুৱাৰী মাহত বাবু আঁচনি আহিব বুলিও ঘোষণা কৰে৷
আনহাতে অসমৰ সৰ্ব বৃহৎ সামাজিক কল্যাণ মূলক আঁচনি অৰুণোদয় ৩.০ ৰ জৰিয়তে আৰ্থিক ভাবে দুৰ্বল শ্ৰেণীৰ লোকৰ অৰ্থনৈতিক ভেটি মজবুত কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই লোৱা পদক্ষেপৰ অংশ হিচাপে আজিৰ দিনটো বিটিচিবাসী ৰাইজৰ বাবে গৌৰৱময় তথা ঐতিহ্যমণ্ডিত দিন বুলি অভিহিত কৰিছে বিত্ত মন্ত্ৰী অজন্তা নেওগে৷মহিলা সবলীকৰণৰ ক্ষেত্ৰত ৰাজ্যৰ আটাইতকৈ অভিলাষী অৰুণোদয় আঁচনি নাৰী সকলক সবলীকৰণ কৰিবলৈ ২০২০ চনত ৮২০ টকাকৈ প্ৰদান কৰা চৰকাৰে এই ধনৰাশি বৃদ্ধি কৰি ২০২২ চনৰ পৰা ১,২৫০ টকাকৈ বেংকৰ জৰিয়তে প্ৰদান কৰা হৈ আছে বুলি জনসভাত প্ৰকাশ কৰে৷এতিয়াৰ চৰকাৰে নতুন দিশ সামুৰি মহিলা সকলক শক্তিশালী কৰিবলৈ হিতাধিকাৰী বাছনি কৰা হৈছে৷সমগ্ৰ ৰাজ্যত ৩৮ লাখৰ ওপৰত হিতাধিকাৰীক সামুৰি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিছে৷
আজিৰ দিনটো বিটিচিৰ বাবে বলিষ্ঠ দিন বুলি মন্তব্য কৰি এই আঁচনিৰ ধন পাঁচখন জিলাত আৰম্ভ হৈছে৷এখন সমাজ শক্তিশালী কৰিবলৈ মুখ্যমন্ত্ৰীয়ে অভিলাষী আঁচনিয়ে শক্তিশালী অসম শক্তিশালী বিটিচি নিৰ্মাণ কৰি তুলিব বুলি আশা প্ৰকাশ কৰে৷ একেদৰে বিটিচি মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই অৰুণোদয় পালে মহিলাৰ উন্নতিত সহায়, ঘৰ চলোৱাত সহায় হ’ব বুলিও উল্লেখ কৰে৷বক্তব্যত মহিলাৰীয়ে ৰাইজৰ আশা-আকাংখা পুনৰত পদক্ষেপ লোৱা চৰকাৰৰ পৰা অলপ পলমকৈ হলেও বিটিচি অঞ্চলৰ ৰাইজে পাবলৈ সক্ষম হোৱাত মুখ্যমন্ত্ৰীক ধন্যবাদ জনায়৷বিশাল জনসভাত মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি পুৰন জানুৱাৰী মাহৰ পৰাই আৰম্ভ কৰিব৷চৰকাৰ অহাৰ পিছতে সকলো জাতি জনগোষ্ঠীৰ লোকক মাটি পট্টা, বিশেষভাৱে সক্ষম, জেষ্ঠ নাগৰিক, দৰিদ্ৰ লোকৰ বাবে গৃহ কৰ ৰেহাই মাটি নামজাৰিৰ ক্ষেত্ৰত কৰৰ বোজা কমাই দিয়া হ’ব৷মাটি ক্ৰয় আৰু গৃহ কৰৰ পৰিমাণ হ্ৰাস কৰিব৷ৰাজ্য চৰকাৰে দিয়া বহু আঁচনিৰ দ্বাৰা ৰাইজে লাভান্বিত হ’ব৷ওদালগুৰিত মিনি সচিবালয় নিৰ্মাণ কৰা হ’ব৷নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতিৰ মতেই বিটিচিৰ ৰাইজে দ্বিগুণ সুবিধা পাব বুলিও হাগ্ৰামা মহিলাৰীয়ে জনসভাত ঘোষণা কৰে৷
অনুষ্ঠানত জয়ন্ত মল্ল বৰুৱা, সাংসদ জয়ন্ত বসুমতাৰী, প্ৰাক্তন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম, বিধায়ক লৰেঞ্চ ইছলাৰী, জিৰন বসুমতাৰী, ৰবিৰাম নাৰ্জাৰী, কাৰ্যবাহী সদস্য দেৰহাছাৎ বসুমতাৰী, মৃত্যুঞ্জয় নাৰ্জাৰী, মুনমুন ব্ৰহ্ম, প্ৰকাশ বসুমতাৰী, প্ৰাক্তন কাৰ্যবাহী সদস্য, উইলছন হাছদা, তথা পাৰিষদ দনেশ্বৰ গয়াৰী, এন্তাজ আলী সহ বহু বিশিষ্ট নাগৰিক মঞ্চৰ আসন শুৱনি কৰে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ