
গোলাঘাট, ০৪ নৱেম্বৰ (হি.স.): জনজাতিকৰণ মৰ্য্যদা প্ৰদান কৰাৰ দাবীত যোৱা কালি সোমবাৰে বিয়লি গোলাঘাটৰ ৰাজপথত গৰ্জন কৰিলে সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৱে। বিশাল গণ হুংকাৰ কাৰ্যসূচীৰে জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ দাবীত ওলাই আহে আহোম জনগোষ্ঠীৰ হাজাৰ হাজাৰ লোক।
দিল্লী দিশপুৰ হায় হায়, অসম চৰকাৰ হায়। no ST No rest আদি শ্লোগানেৰে গোলাঘাট চহৰৰ আকাশ বতাহ উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ গোলাঘাট জিলা আটাছুৱে। জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা অংশ গ্ৰহণ কৰা হাজাৰ হাজাৰ লোকৰ অংশগ্ৰহণে উত্তাল গোলাঘাটৰ ৰাজপথ। শোভাযাত্ৰা সামৰি গোলাঘাট আয়ুক্ত কাৰ্যালয়ৰ সমীপত পথৰ ওপৰতে এখন বিশাল প্ৰতিবাদী সভা অনুষ্ঠিত কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত আটাছু কেন্দ্ৰীয় সমিতিৰ সভাপতি বসন্ত গগৈ, কাৰ্যকৰি সভাপতি কুমুদ গগৈ, আৰু যুটীয়া সম্পাদক দিগন্ত চাংমাই অংশগ্ৰহণ কৰে। ২৬ ৰ নিৰ্বাচনৰ আগত জনজাতিকৰণ প্ৰদান নকৰিলে তীব্ৰ আন্দোলনৰ সন্মুখীন হ’ব লাগিব আৰু ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ