আৰক্ষীয়ে জব্দ কৰিলে ৩০৯ কেজি গাঞ্জা, মুখ্যমন্ত্ৰীৰ প্ৰশংসা
গুৱাহাটী, ০৪ নৱেম্বৰ (হি.স.)। ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে চলি থকা অভিযানত আন এক বৃহৎ সফলতাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ আৰক্ষীক প্ৰশংসা কৰিছে। ছ’চিয়েল মিডিয়াত লিখিছে মুখ্যমন্ত্রীগৰাকীয়ে, “আপুনি যদি ড্ৰাগছৰ ব্যৱসায়ত জড়িত হয
আৰক্ষীয়ে জব্দ কৰিলে ৩০৯ কেজি গাঞ্জা


গুৱাহাটী, ০৪ নৱেম্বৰ (হি.স.)। ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে চলি থকা অভিযানত আন এক বৃহৎ সফলতাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ আৰক্ষীক প্ৰশংসা কৰিছে। ছ’চিয়েল মিডিয়াত লিখিছে মুখ্যমন্ত্রীগৰাকীয়ে, “আপুনি যদি ড্ৰাগছৰ ব্যৱসায়ত জড়িত হয়, তেন্তে অসম আৰক্ষীয়ে আপোনাক ধৰিবই”।

মুখ্যমন্ত্ৰীয়ে জনোৱা মতে, এক বিশেষ অভিযানত মাজবাট আৰক্ষীয়ে প্ৰায় ৩০৯.৭৮ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে, যাৰ মূল্য প্ৰায় ৩ কোটি টকা বুলি অনুমান কৰা হৈছে। এই গোচৰত দুজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ আৰক্ষী দলটোক তেওঁলোকৰ সতৰ্কতা আৰু তৎকালীন ব্যৱস্থাৰ বাবে প্ৰশংসা কৰি কয় যে ৰাজ্যখনত ড্ৰাগছৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি অব্যাহত থাকিব। লগতে মুখ্যমন্ত্রী শৰ্মাই পুনৰ কয় যে অসমক ড্ৰাগছমুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে সকলোধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande