৮৪ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা উদযাপন কৰিব যোৰহাটৰ কাকজান বাম কুকুৰাচোৱা কলা কৃষ্টি কেন্দ্ৰত
যোৰহাট, ০৪ নৱেম্বৰ (হি.স.)। ১৯৪২ চনৰ পৰা অনুষ্ঠিত কৰি অহা ৮৪ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা উদযাপন কৰিব যোৰহাটৰ কাকজান বাম কুকুৰাচোৱা কলা কৃষ্টি কেন্দ্ৰত l যোৰহাট জিলাৰ পাৰ্চবতী অঞ্চল কাকজান বামকুকুৰাচোৱাত ১৯৪২ চনৰ পৰা আৰম্ভ কৰি অহা শ্ৰী
৮৪ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা উদযাপন কৰিব যোৰহাটৰ কাকজান বাম কুকুৰাচোৱা কলা কৃষ্টি কেন্দ্ৰত


যোৰহাট, ০৪ নৱেম্বৰ (হি.স.)। ১৯৪২ চনৰ পৰা অনুষ্ঠিত কৰি অহা ৮৪ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা উদযাপন কৰিব যোৰহাটৰ কাকজান বাম কুকুৰাচোৱা কলা কৃষ্টি কেন্দ্ৰত l যোৰহাট জিলাৰ পাৰ্চবতী অঞ্চল কাকজান বামকুকুৰাচোৱাত ১৯৪২ চনৰ পৰা আৰম্ভ কৰি অহা শ্ৰী শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা এইবাৰ ৮৪ সংখ্যক বাৰ্ষিক ৰূপে আয়োজিত কৰা হৈছে।

বাম কুকুৰাচোৱা কলা কৃষ্টি কেন্দ্ৰৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সক্ৰিয় সহযোগত এই দুদিনীয়াকৈ অনুষ্ঠিত কৰা শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। আজিৰে পৰা অৰ্থাৎ ৪ আৰু ৫ নৱেম্বৰ তাৰিখে অনুষ্ঠিত হ’ব লগা এই ৰাসলীলা সম্পূৰ্ণ বিনামূলীয়া ৰূপে সকলৰ বাবে উন্মুক্ত থাকিব।

প্ৰতিবছৰে পৰম্পৰাগত ভাৱে অনুষ্ঠিত হৈ অহা এই ৰাসলীলা মঞ্চত শ্ৰী শ্ৰী কৃষ্ণ আৰু গোপীসকলৰ ঐশ্বৰিক লীলাৰ আধ্যাত্মিক পৰিৱেশনই প্ৰান্তিক গাঁও অঞ্চলটোত এক বিশেষ উৎসৱৰ পৰিৱেশ সৃষ্টিকৰ কৰে। একান্ত ভক্তিভাৱৰেৰে অনুষ্ঠিত হোৱা এই ৰাস লীলাত ৰাজ্যৰ বিভিন্ন স্থানৰ ভক্তসকল উপস্থিত থাকিবলৈ নিমন্ত্ৰণ জনাইছে আয়োজক সমিতিয়ে। লগতে আয়োজক সমিতিয়ে জানিবলৈ দিছে যে, গাঁৱৰ নতুন প্ৰজন্মক ধৰ্মীয় আৰু সাংস্কৃতিক পৰম্পৰাৰ সৈতে সম্পৰ্কিত কৰি ৰাখিবলৈ এই ৰাসলীলা এক গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande