কাইলৈ বৈঠালাংছʼৰ চেৰদিহুন ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হব সুধাকন্ঠৰ মৃত্যুবাৰ্ষিকী
পশ্চিম কাৰ্বি আংলং, ০৪ নৱেম্বৰ (হি.স.)। কাইলৈ বৈঠালাংছʼৰ চেৰদিহুন ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হব সুধাকন্ঠৰ মৃত্যুবাৰ্ষিকী। আজি পশ্চিম কাৰ্বি আংলং জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত সাৰঙ্গপানী শৰ্মাই এক সংবাদ মেলত এই কথা জানিবল
কাইলৈ বৈঠালাংছʼৰ চেৰদিহুন ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হব সুধাকন্ঠৰ মৃত্যুবাৰ্ষিকী


পশ্চিম কাৰ্বি আংলং, ০৪ নৱেম্বৰ (হি.স.)। কাইলৈ বৈঠালাংছʼৰ চেৰদিহুন ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হব সুধাকন্ঠৰ মৃত্যুবাৰ্ষিকী। আজি পশ্চিম কাৰ্বি আংলং জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত সাৰঙ্গপানী শৰ্মাই এক সংবাদ মেলত এই কথা জানিবলৈ দিয়ে।

সংবাদ মেলত জিলা আয়ুক্ত সাৰঙ্গপানী শৰ্মাই অহা ৫ নৱেম্বৰ অৰ্থাৎ কালিলৈ বৈঠালাংছʼৰ চেৰদিহুন ক্ষেত্ৰত ভাৰত ৰত্ন ড৹ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী ব্যাপক আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰিব বুলিও উল্লেখ কৰে। স্থানীয় বাইশ খন বিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰীৰ লগতে অসম ৰাজ্যিক জীৱিকা অভিযানৰ অন্তৰ্গত আত্মসহায়ক গোটৰ প্ৰায় এক হাজাৰ সদস্যাসহ মুঠ তিনি সহস্ৰাধিক লোকে মানুহে মানুহৰ বাবে....... শীৰ্ষক গীতটি পৰিবেশন কৰিব। ইয়াৰ উপৰি গুৱাহাটীত পৰিৱেশন কৰা পশ্চিম কাৰ্বি আংলং জিলাৰ শিল্পী সকলে গ্ৰেণ্ড কোৰাচ পৰিৱেশন কৰি চেৰদিহুন ক্ষেত্ৰ জীপাল কৰি তুলিব বুলি জিলা আয়ুক্ত‌ সাৰঙ্গপানী শৰ্মাই জানিব দিয়ে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande