
নগাঁও, ০৪ নৱেম্বৰ (হি.স.)। নগাঁৱত অবৈধ চুলাই মদৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান।
নগাঁও জিলাত গঢ়ি উঠা অবৈধ চুলাই মদৰ বিৰুদ্ধে আবকাৰী বিভাগে চলাই গৈছে অভিযান। নিশা নগাঁও চহৰৰ সমীপৰ ইটাপাৰাত নগাঁও আবকাৰী বিভাগৰ পৰিদৰ্শক চন্দ্ৰ কান্ত বৰুৱাৰ নেতৃত্বত চলিল অভিযান। কেইবাটাও অবৈধ চুলাই মদৰ ঘাটি ভাঙি তচনচ কৰে আৱকাৰী দলটোয়ে। অৱশ্যে আৱকাৰী দলটো অহা গম পাই পলায়ন কৰে চুলাই মদ প্ৰস্তুত কৰা ব্যক্তি সকলৰ লগতে গ্ৰাহক। আৱকাৰী বিভাগে নগাওঁৰ বিভিন্ন স্থানত অনুৰূপ অভিযান অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু