
শিৱসাগৰ, ০৪ নৱেম্বৰ (হি.স.)। নাজিৰা সমজিলাৰ প্ৰান্তে প্ৰান্তে ৰঘুমলাৰ দৰে বৃদ্ধি পোৱা বৰবিহ সদৃশ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী সৰৱ হৈ পৰিছে । বিগত সময়ত কেইবাজনো ড্ৰাগছ বেপাৰীক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ন্যায়িক আদালতে । ইয়াৰ পিছতো ড্ৰাগছৰ অবাধ বেহাই সৰ্বসাধাৰণ জনগণকো শংকিত কৰি তুলিছে ।
তেনে পৰিস্থিতিত যোৱা নিশা নাজিৰা সমজিলাৰ আৰক্ষী অধীক্ষক তুষাৰ দেশাই আৰু নাজিৰা আদৰ্শ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভৱেন দাসৰ নেৰ্তৃত্বত আৰক্ষীৰ দলে নাজিৰাৰ মেকীপুৰৰ জীৱন লাইকৰ ঘৰত অভিযান চলাই ড্ৰাগছ সহ ৬৬ হাজাৰ টকা উদ্ধাৰ কৰাৰ লগতে তেওঁৰ পুত্ৰ ৰাজীৱ লাইকক আটক কৰে । ৰাজীৱ লাইকে দীৰ্ঘদিন ধৰি নাজিৰা সমজিলাৰ লগতে শিৱসাগৰ , চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল । আজি নাজিৰা সমজিলা ন্যায়িক দণ্ডাধীশ আদালতে ড্ৰাগছ বেপাৰী ৰাজীৱ লাইকক জেল হাজোতলৈ প্ৰেৰণ কৰে ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু