হাজোৰ বুল্লুটত সুদখোৰে ঘপিয়ালে এজনক
হাজোৰ বুল্লুটত সুদখোৰে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড।
হাজোৰ বুল্লুটত সুদখোৰে ঘপিয়ালে এজনক


কামৰূপ, ০১ নৱেম্বৰ (হি.স.): ৰাজ্যত পুনৰ সুদখোৰৰ ভয়ংকৰ সন্ত্ৰাস দেখিবলৈ পোৱা গৈছে । এইবাৰ হাজোৰ বুল্লুটত সুদখোৰে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। সুদৰ পইচা নিদিয়া বাবে যোৱা কালি শুকুৰবাৰে সন্ধিয়া দৰে ঘপিয়ালে এজন লোকক।

জানিব পৰামতে, সুদখোৰ সোনাবৰ, গণি চান্দু আৰু চাদ্দামে চলালে এই সন্ত্ৰাস। সুদখোৰৰ দাৰ ঘাপত গুৰুতৰ ভাবে আঘাটপ্ৰাপ্ত হয় এজন লোক। ভূক্তভোগী লোকজনৰ নাম জিছান্দ আলী বুলি জানিব পৰা গৈছে। সংকটজনক অৱস্থাত আঘাতপ্ৰাপ্ত জিছান্দ আলিক গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। ইফালে চাৰি সুদ খোৰৰ বিৰুদ্ধে হাজো থানাত গোচৰ ৰুজু কৰিছে ভুক্তভোগীয়ে। এই সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্য়াহত আছে।

উল্লেখ্য় যে ৰাজ্য়ত সুদখোৰৰ বিৰুদ্ধে প্ৰশাসনৰ উদ্য়োগত ব্য়াপক অভিযান চলোৱা হৈছিল। কিছুদিন ধৰি বিষয়টো তল পৰি আছিল যদিও পুনৰ সুদখোৰৰ আতংক পোহৰলৈ আহিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande