চাপৰ বজাৰত থকা তিনিটাকৈ ৰাজহুৱা শৌচাগাৰ পৰিত্যক্ত হৈ থকা ঘটনাই সমগ্ৰ চাপৰ অঞ্চলতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে
ধুবুৰী, ০১ নৱেম্বৰ (হি.স.)। স্বচ্ছ ভাৰত মিছনৰ নামত চাপৰ পৌৰসভাত চলিছে কি। স্বচ্ছতাৰ নামত কেন্দ্ৰীয় চৰকাৰে কোটি কোটি টকা ব্যয় কৰি থকাৰ সময়তে চাপৰ বজাৰত থকা তিনিটাকৈ ৰাজহুৱা শৌচাগাৰ পৰিত্যক্ত হৈ থকা ঘটনাই সমগ্ৰ চাপৰ অঞ্চলতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ
চাপৰ বজাৰত থকা তিনিটাকৈ ৰাজহুৱা শৌচাগাৰ পৰিত্যক্ত হৈ থকা ঘটনাই সমগ্ৰ চাপৰ অঞ্চলতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে


ধুবুৰী, ০১ নৱেম্বৰ (হি.স.)। স্বচ্ছ ভাৰত মিছনৰ নামত চাপৰ পৌৰসভাত চলিছে কি। স্বচ্ছতাৰ নামত কেন্দ্ৰীয় চৰকাৰে কোটি কোটি টকা ব্যয় কৰি থকাৰ সময়তে চাপৰ বজাৰত থকা তিনিটাকৈ ৰাজহুৱা শৌচাগাৰ পৰিত্যক্ত হৈ থকা ঘটনাই সমগ্ৰ চাপৰ অঞ্চলতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ৰাজ্য চৰকাৰে পৌৰসভা সমূহ নিকা আৰু স্বচ্ছতাৰ মাজৰে চলিবলৈ কাৰ্য্যবাহী বিষয়াৰ লগতে বিভিন্ন কৰ্মচাৰী নিয়োগ কৰিছে যদিও তাৰ বিপৰীত ছবি প্ৰতিফলিত হৈছে চাপৰত।

উল্লেখযোগ্য যে স্বচ্ছতাৰ প্ৰতি লক্ষ্য ৰাখি চাপৰৰ চিকিৎসালয়, চাপৰ পৌৰসভাৰ গাতে লাগি থকা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু এটি পেট্ৰল পাম্পৰ লগত তিনিটাকৈ শৌচাগাৰ নিৰ্মাণ কৰিছিল। সম্প্ৰতি তিনিটা শৌচাগাৰ পৰিত্যক্ত অবস্থাত আছে। চাপৰ পৌৰসভাৰ নিৰ্লিপ্ত ভুমিকাৰ বাবে ৰাইজে ৰাজহুৱা শৌচগাৰ বিচাৰি হাবাথুৰি খাব লগাত পৰিছে। স্বচ্ছ ভাৰত মিছনৰ নামত অহা ধন কিদৰে আত্মসাৎ কৰা যায় তাৰ ওপৰত চাপৰ পৌৰসভাই মনোনিবেশ কৰিছে বুলি অভিযোগ উত্থাপিত হৈছে। অনতি পলমে শৌচাগাৰ সমূহ সূচল নকৰিলে স্থানীয় ৰাইজে আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande