



০১ নৱেম্বৰ (হি.স.)। চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তী আৰু আজি শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু মাই ভাৰতৰ (MY Bharat) সহযোগত চৰ্দাৰ@১৫০ – একতাৰ সমদল (পদযাত্ৰা)ৰ সফলতাৰে আয়োজন কৰে। চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তী আৰু ৰাষ্ট্ৰৰ ঐক্য আৰু অখণ্ডতাৰ প্ৰতি তেওঁৰ অমূল্য অৱদানৰ স্মৃতিত আজি শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু মাই ভাৰতৰ (MY Bharat) সহযোগত চৰ্দাৰ@১৫০ – একতাৰ সমদল (পদযাত্ৰা)ৰ সফলতাৰে আয়োজন কৰে।
তেজপুৰৰ চাৰ্চ ফিল্ডত পুৱাৰে পৰা আৰম্ভ হোৱা কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰী, এন এছ এছৰ স্বেচ্ছাসেৱক, এন চি চি কেডেট, এছ এছ বিৰ জোৱান সকলকে ধৰি বহু সংখ্যক ৰাইজে এই সমদলত (পদযাত্ৰা)ত অংশগ্ৰহণ কৰে। অনুষ্ঠানত শোণিতপুৰ সংসদীয় সমষ্টিৰ মাননীয় সাংসদ শ্ৰী ৰঞ্জিত দত্ত, তেজপুৰ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰী পৃথ্বিৰাজ ৰাভা, জিলা আয়ুক্ত শ্ৰী আনন্দ কুমাৰ দাস, অতিৰিক্ত জিলা আয়ুক্তদ্বয় টৱাহিৰ আলম , শ্ৰী জিন্টু বৰা, এমট্ৰনৰ উপাধ্যক্ষ শ্ৰী ঋতুবৰণ শৰ্মা, তেজপুৰ পৌৰসভাৰ সভাপতি শ্ৰী ৰমেন তামুলী, অতিৰিক্ত আৰক্ষী অধীক্ষকদ্বয় শ্ৰীমতী মৌচুমী কলিতা আৰু শ্ৰী সাতখোকাই চাংছান, সহকাৰী আয়ুক্ত শ্ৰী ৰাজেন আচাৰ্য, বিশিষ্ট সমাজকৰ্মী শ্ৰীমতী মধুস্মিতা হাজৰিকা ডেকা, শ্ৰীমতী দীপামণি শইকীয়া, টি ডি এছ এৰ সভাপতি শ্ৰী জিতেন বৰঠাকুৰ আৰু সদৌ অসম ভাৰোত্তোলন সন্থাৰ উপ সভাপতি শ্ৰী হিৰণ্য ভূঞাৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।
অনুষ্ঠানৰ আৰম্ভণিতে চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত ছেক্ৰেড হাৰ্ট বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে বেণ্ড পৰিবেশন কৰে। সভাত ভাষণ দি মাননীয় সাংসদগৰাকীয়ে ৰাষ্ট্ৰক একত্ৰিত কৰাৰ ক্ষেত্ৰত চৰ্দাৰ বল্লভভাই পেটেলৰ গুৰুত্বপূৰ্ণ ভূমিকাক আলোকপাত কৰে আৰু আজিৰ এই কাৰ্যসূচীৰ অংশ হিচাপে গছপুলি ৰোপণ কৰা হয় য’ত বিশিষ্ট ব্যক্তিসকলে নাহৰ গছৰপুলি ৰোপণ কৰে।
একতাৰ সমদলটি (পদযাত্ৰা) চাৰ্চ ফিল্ডৰ পৰা মাননীয় সাংসদ শ্ৰী ৰঞ্জিত দত্তই ফ্লেগ অফ কৰি ক’ৰ্ট চাৰিআলি, তেজপুৰ সদৰ থানা, কনকলতা অসামৰিক চিকিৎসালয় চাৰিআলি, হাতীবিলখানা ৰোড, ত্ৰিবেনী পইণ্ট, কেকুৰা পুল, আৰু অসম ৰাজ্যিক পৰিবহণ নিগম বাছ আস্থানকে ধৰি এই স্থানসমূহ পদযাত্ৰাৰে অতিক্ৰম কৰাৰ পিছত পুনৰ চাৰ্চ ফিল্ডত উপস্থিত হোৱাত এই পদযাত্ৰাৰ অন্ত পৰে। আনহাতে, এই উপলক্ষে জিলা সাংস্কৃতিক উন্নয়ন বিষয়াৰ তত্বাৱধানত সমন্বিত দেশপ্ৰেমমূলক গীতত নিৰ্দিষ্ট পদযাত্ৰাৰ পথৰ বিভিন্ন স্থান – ক’ৰ্ট চাৰিআলি, ত্ৰিবেনী পইণ্ট, আৰু চাৰ্চ ফিল্ডত – দলীয় নৃত্য পৰিৱেশন কৰা হয়।
জিলা ক্ৰীড়া বিষয়া শ্ৰী প্ৰাঞ্জল দিহিঙীয়া, জিলা তথ্য আৰু জনসংযোগ বিষয়া শ্ৰীমতী অংকিতা গগৈ, মাই ভাৰত, শোণিতপুৰৰ জিলা যুৱ বিষয়া শ্ৰী কমল ত্ৰিপাঠীৰ লগতে জিলা প্ৰশাসন আৰু জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰৰ অন্যান্য বিষয়ববীয়া সকলে আজিৰ এই কাৰ্যসূচী আয়োজন আৰু সমন্বয়ৰে সফল কৰাৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰে।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ