
বিশ্বনাথ, ০১ নৱেম্বৰ (হি.স.)। গহপুৰত আজি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দপদপাই জ্বলি উঠিল এখন ট্ৰাক।
গহপুৰৰ হাৱাজানত সংঘটিত হয় এই ভয়াবহ ঘটনা। তেজপুৰ দিশৰ পৰা লক্ষিমপুৰ দিশে গৈ আছিল ট্ৰাকখন। তেতিয়াই চলন্ত অৱস্থাত হঠাতে জ্বলি উঠে ট্ৰাকখন।
এই ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে চালকজনৰ। পিছত এই ঘটনাৰ খবৰ লাভ কৰি অগ্নি নিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হৈ ট্ৰেইলাৰখনৰ জুই নুমোৱাবলৈ সক্ষম হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ