ৰঙিয়াত নিজ ভনী জোঁৱায়েকৰ হাতত প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই
ৰঙিয়াত চাঞ্চল্যকৰ ঘটনা।
ৰঙিয়াত নিজ ভনী জোঁৱায়েকৰ হাতত প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই


কামৰূপ, ০১ নৱেম্বৰ (হি.স.): কামৰূপ জিলাৰ ৰঙিয়াত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। নিজ ভনী জোঁৱায়েকৰ হাতত প্ৰাণ হেৰুৱালে ৰঙিয়াৰ কোকেনীকুছীৰ অণু নাথ নামৰ মহিলাগৰাকীয়ে। গোৰেশ্বৰৰ জোঁৱাই মেদিনী ৰাজবংশীয়ে যোৱা কালি শুকুৰবাৰে সন্ধিয়া সন্ধিয়া এই ঘটনা সংঘটিত কৰে নিজ শহুৰেকৰ ঘৰত।

চোকা দা'ৰে মূৰত ঘপিয়াই হত্যা কৰে নিজ পত্নীৰ বায়েক অণু নাথক। শাহু যামিনী নাথকো চোকা দা' ৰে ঘপিয়াই নিজ জোঁৱাই মেদিনী ৰাজবংশীয়ে। সংকট জনক অৱস্থাত জিএমচিএইচলৈ যোৱাৰ পথত মৃত্যু হয় অণু নাথৰ। ইতিমধ্যে মৃত ঘোষণা কৰিছে চিকিৎসকে।

আনহাতে শাহু যামিনী নাথক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত। ঘটনাস্থলীত জোঁৱায়েকক স্থানীয় ৰাইজে আবদ্ধ কৰি আৰক্ষীক গতাই দিয়ে। আৰক্ষীয়ে উদ্ধাৰ কৰে ঘপিওৱা দা খন, আৰম্ভ কৰিছে প্ৰাৰম্ভিক অনুসন্ধান।

জানিব পৰা মতে ঘৰুৱা কণ্ডলৰ বাবে সংঘটিত হৈছে এই নৃশংস ঘটনা।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande