
শিৱসাগৰ, ০১ নৱেম্বৰ (হি.স.): শিৱসাগৰত সংঘটিত হৈছে ভয়াৱহ পথ দুৰ্ঘটনা । শিৱসাগৰ বাইপাছৰ চেগুন চাৰিআলিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা কালি শুকুৰবাৰে নিশা সংঘটিত হয় দুৰ্ঘটনাটো। পথৰ দাঁতিৰ যান্ত্ৰিক বিজুতি ঘটি ৰৈ থকা এখন ডাম্পাৰত খুন্দা মাৰে এএছ ০৩ এইচ ৭৫২৫ নম্বৰৰ ছুইফট ডিজায়াৰ বাহনখনে ।
দুৰ্ঘটনাত আহত হয় ছুইফট ডিজায়াৰৰ চালক সহিতে তিনিজন আৰোহী । ইয়াৰ ভিতৰত দুজনৰ অৱস্থা সংকটজনক বুলি জনা গৈছে ।আহত ব্যক্তিকেইজনক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও গুৰুতৰভাবে আহত দুজন ব্যক্তিক উন্নত চিকিৎসাৰ বাবে চিকিৎসকে অসম চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসকে প্ৰেৰণ কৰে। ঘটনাস্থলীত উপস্থিত হয় শিৱসাগৰ আৰক্ষী। সম্প্ৰতি শিৱসাগৰ জিলাত নিৰ্মীয়মান অৱস্থাত থকা চাৰিলেনযুক্ত পথ আৰু পথৰ দাতিত নিয়ম বৰ্হিভূতভাবে যতে ততে ৰখা বাহনৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ