
কামৰূপ, ০১ নৱেম্বৰ (হি.স.):জুবিন গাৰ্গৰ মৃত্যুৰ সতে ষড়যন্ত্ৰ কৰাসকলৰ গাত লক্ষ লক্ষ জনতাৰ শাওপাত লাগিবই। এই মন্তব্য জুবিন গাৰ্গৰ বন্ধু ৰাজা বৰুৱাৰ। এইজন মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দিব পাৰিলে সকলোৱে শ্ৰদ্ধা কৰিব, অন্যথা ৰাইজে বিবেচনা কৰিব। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাভা হছঙৰ লোহাৰঘাটত কালি সন্ধিয়া হাতে হাতে জোৰ লৈ ওলাই আহিল হাজাৰ হাজাৰ জনতা ৷
দক্ষিণ কামৰূপৰ বৃহত্তৰ বৰদুৱাৰ- বাগান অঞ্চলৰ পৰা বিশাল প্ৰতিবাদী জোৰ সমদল আহি লোহাৰঘাটৰ চচলপাৰা খেলপথাৰত সমবেত হয়। এইদৰেই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত হাতে হাতে জোৰ লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ জনতা। সকলোৰে মুখত কেৱল শ্লোগান Justice for জুবিন গাৰ্গ, জুবিন দাক ন্যায় দিয়ক, কা আমি নামানো, বিজেপি চৰকাৰ হুঁচিয়াৰ, জাতি বৰ্ণ সকলো এক হওক, দোষীক ফাঁচী দিয়ক আদি ৷ এইয়া চাওক প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি হাতে হাতে জোৰ লৈ ওলাই অহা হাজাৰ হাজাৰ জনতা এই ন্যায় যাত্ৰাত নাই কোনো কৃত্ৰিমতা ৷ সকলোৱে স্বতঃস্ফূৰ্ত ভাৱে সমাগত হৈ চচলপাৰা খেলপথাৰত শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনায়৷ জুবিন গাৰ্গৰ বন্ধু ৰাজা বৰুৱা, সহশিল্পী সান্তনা ৰাভা আদি উপস্থিত হৈ হাজাৰ হাজাৰ লোকৰ সৈতে এই ন্যায়ৰ দাবীত সহযোগী হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ