শিৱসাগৰ হাঁহচৰা ঢেকেৰী গাঁৱত শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা মহোৎসৱৰ আয়োজন
শিৱসাগৰ হাঁহচৰা ঢেকেৰী গাঁৱত শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা মহোৎসৱৰ আয়োজন, দিনে নিশাই ৰাসৰ আখৰাত ব্যস্ত শিল্পী সকল৷
শিৱসাগৰ হাঁহচৰা ঢেকেৰী গাঁৱত শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা মহোৎসৱৰ আয়োজন


শিৱসাগৰ, ০১ নৱেম্বৰ (হি.স.):শৰতৰ নিশা অতি বিতোপন ৰাসক্ৰিয়া কৰিতে কৃষ্ণ ভৈলা মন । হয় প্ৰতিবছৰৰ দৰে এইবাৰো ৰাজ্য়ৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ হাঁহচৰা ঢেকেৰী গাঁৱত শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা মহোৎসৱৰ আয়োজন কৰা হৈছে

শিৱসাগৰৰ হাঁহচৰাৰ নৃত্যাঞ্জলি সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত ক্ৰীড়া আৰু সাংস্কৃতিক প্ৰকল্প আৰু বৃহত্তৰ হাঁহচৰা মৌজাৰ ৰাইজৰ সহযোগত অহা ৪ আৰু ৫ নৱেম্বৰত দুদিনীয়া কাৰ্য্যসূচীৰে শিৱসাগৰৰ হাঁহচৰা ঢেকেৰী গাঁৱত আয়োজন কৰা হৈছে এই শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা মহোৎসৱৰ ৷ স্থানীয় যুৱতী সকলে মহাৰাসৰ সম্পূৰ্ণ প্ৰস্তুতি কৰা পৰিলক্ষিত হৈছে। এই শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা মহোৎসৱক লৈ দিনে নিশাই শিল্পী সকল ব্যস্ত ৰাসৰ আখৰাত ৷ উল্লেখ্য় যে এই শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা মহোৎসৱত শিশু শিল্পী সকলকো প্ৰাধান্য দিয়া পৰিলক্ষিত হৈছে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande